ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকৰ আজি সপ্তম প্রতিষ্ঠা দিৱস উপলক্ষে যোগাযোগ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই সৰল আৰু সুলভ সেৱাৰ জৰিয়তে বিত্তিয় অন্তৰ্ভুক্তিৰ লক্ষ্যত উপনীত হোৱাত বেংকটোৰ ভূমিকা সন্দৰ্ভত আলোকপাত কৰে । সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত মন্ত্ৰীগৰাকীয়ে কয় যে এই পদক্ষেপ মুকলি কৰাৰে পৰা ৯ কোটি ৮৮ লাখ ভাৰতীয়ই বেংক একাউণ্ট মুকলি কৰিছে। বিভিন্ন আঁচনিৰ ৪৫ হাজাৰ কোটি টাকৰ বিত্তিয় লাভ হিতাধিকাৰীসকললৈ আগবঢ়োৱা হৈছে বুলিও তেওঁ সদৰী কৰে। তেওঁ প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীসকলক অভিনন্দন জ্ঞাপন কৰে। শ্ৰী সিন্ধিয়াই দেশজুৰি প্ৰতিখন গাঁও তথা প্ৰতিটো পৰিয়াললৈ বেংকৰ সুবিধা আগবঢ়োৱাত সংস্থাটোৰ পৰিশ্ৰম তথা প্রচেষ্টা সন্দৰ্ভতো আস্থা প্ৰকাশ কৰে।
Site Admin | September 1, 2024 8:19 PM | Jyotiraditya Sindhiya
ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকৰ সপ্তম প্রতিষ্ঠা দিৱস পালন
