ডাউনলোড
মোবাইল এপ

android apple
signal

May 9, 2024 12:27 PM | Sam Petroda

printer

ইণ্ডিয়ান অভাৰছিছ কংগ্ৰেছৰ অধ্যক্ষৰ পদৰ পৰা ছেম পিট্ৰোডাৰ পদত্যাগ

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ছেম পিট্রোডাৰ বৰ্ণবাদী মন্তব্যক লৈ দেশৰ ৰাজনীতি উত্তাল হৈ থকাৰ সময়তে নেতাগৰাকীয়ে পদত্যাগ কৰিছে। সংবাদ মাধ্যমক দিয়া এটা সাক্ষাৎকাৰত নেতাগৰাকীয়ে পূব ভাৰতৰ লোকসকলক চীনা লোকৰ নিচিনা, পশ্চিম ভাৰতৰ লোকসকলক শ্বেতাংগৰ নিচিনা আৰু দক্ষিণ ভাৰতৰৰ লোকক আফ্ৰিকাৰ লোকৰ নিচিনা দেখি বুলি তেওঁ বৰ্ণবাদী মন্তব্য প্রকাশ কৰিছিল। নেতাগৰাকীৰ এই মন্তব্যক কংগ্ৰেছে গ্রহণযোগ্য নহয় বুলি দলৰ ফালৰ পৰা স্পষ্ট কৰি দিয়ে। দলটোৱে কয় যে, ভাৰতৰ বৈচিত্ৰ্যক লৈ ছেম পিট্রোডাই দিয়া উপমা একেবাৰে ভুল আৰু সেয়া মুঠেও গ্রহণযোগ্য নহয়। ভাৰতীয় জাতীয় কংগ্ৰেছ তেওঁৰ এই মন্তব্যৰ পৰা সম্পূৰ্ণৰূপে নিলগত অৱস্থান কৰিছে বুলি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশে সামাজিক মাধ্যমযোগে প্রকাশ কৰিছে। ছেম পিট্টোডাৰ বৰ্ণবাদী মন্তব্যক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীকে ধৰি বিভিন্ন ৰাজনৈতিক নেতাই গৰিহণা দিছে। চৌদিশে হোৱা প্ৰতিক্ৰিয়াৰ ফলত ইণ্ডিয়ান অভাৰছিছ কংগ্ৰেছৰ অধ্যক্ষৰ পদৰ পৰা ছেম পিট্ৰোডাই পদত্যাগ কৰিছে। নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি মল্লিকার্জুন খাৰ্গেই তেওঁৰ পদত্যাগ গ্রহণ কৰে ৷

অধিক পঢ়ক

সকলো চাওক