ইটালীৰ প্ৰধানমন্ত্ৰী জিঅ’ৰ্জিয়া মেলনিৰ সৈতে প্রধানমন্ত্ৰী মোদীৰ দ্বিপাক্ষিক আলোচনা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি G-7 শীর্ষ সন্মিলনত ভাগ লোৱাৰ সুযোগতে ইটালীৰ প্ৰধানমন্ত্ৰী জিঅ’ৰ্জিয়া মেলনিৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। প্রধানমন্ত্রীদ্বয়ে উভয় দেশৰ মাজৰ প্ৰতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতাক লৈ আলোচনা কৰে আৰু অনাগত সময়ত প্ৰতিৰক্ষা ঔদ্যোগিক সহযোগিতা অধিক বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰে। তেওঁলোকে লগতে ভাৰত আৰু ইটালীৰ মাজৰ কৌশলগত সহযোগিতাৰ প্ৰগতিৰো পৰ্যালোচনা চলায়। সাক্ষাৎ কালত দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে সুস্থিৰ যোগান শৃংখলা গঢ়ি তোলাৰ বাবে নিকা শক্তি, নির্মাণ, মহাকাশ, বিজ্ঞান আৰু প্ৰযুক্তি, দূৰসংযোগ, কৃত্রিম বুদ্ধিমত্তা আৰু গুৰুত্বপূৰ্ণ খনিজ ক্ষেত্ৰত বাণিজ্যিক সম্পর্ক সম্প্ৰসাৰণৰ বাবে আহ্বান জনায়। এই সন্দৰ্ভত তেওঁলোকে অলপতে স্বাক্ষৰিত ঔদ্যোগিক সম্পত্তি অধিকাৰ সম্পৰ্কীয় বুজাবুজিৰ চুক্তিৰ প্ৰতি আদৰণি জনায়। এই চুক্তিখনে পেটেণ্ট অর্থাৎ কৃতিস্বত্ব, আৰ্হি আৰু পণ্যচিহ্নৰ বাবে পৰিকাঠামো প্ৰদান কৰিব। তেওঁলোকে লগতে শক্তি পৰিৱৰ্তনৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে স্বাক্ষৰিত অভিপ্ৰায় পত্ৰৰ প্ৰতিও আদৰণি জনায়।

Image

ইয়াৰ জৰিয়তে নিকা আৰু সেউজ শক্তিৰ ক্ষেত্ৰত দুয়ো দেশৰ মাজত দ্বিপাক্ষিক সহযোগিতা অধিক সুদৃঢ় হ’ব বুলি আশা কৰা হৈছে। তেওঁলোকে ভাৰত-মধ্য প্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰ্ডিৰকে ধৰি গোলকীয় মঞ্চ আৰু বহুপাক্ষিক উদ্যমৰ ক্ষেত্ৰত সহযোগিতা সুদৃঢ় কৰাৰ সপক্ষেও মত পোষন কৰে। ইটালীৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে শ্ৰীমোদীক প্ৰধানমন্ত্ৰী হিচাপে ক্রমাগত তৃতীয়টো কাৰ্যকালৰ বাবে অভিনন্দন জ্ঞাপন কৰে।

Image

দুয়োগৰাকী নেতাই প্ৰব্ৰজন আৰু সচলতা চুক্তি শীঘ্ৰে ৰূপায়ণ কৰিবলৈ আহ্বান জনায়। এই চুক্তিয়ে উভয় দেশৰ বৃত্তিধাৰী, দক্ষ আৰু অৰ্ধ দক্ষ শ্রমিক, শিক্ষাৰ্থী আৰু গৱেষকসকলৰ বাবে ইখন দেশৰ পৰা সিখন দেশলৈ অহা-যোৱা প্ৰক্ৰিয়া সুচল কৰি তুলিব। প্রধানমন্ত্ৰীয়ে লগতে, জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিছিদাৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। আলোচনাৰ অন্তত শ্রীমোদীয়ে কয় যে, তেওঁৰ তৃতীয় কার্যকালতো জাপানৰ সৈতে দ্বিপাক্ষিক সম্পৰ্কৰ বিষয়টোৱে গুৰুত্ব লাভ কৰিব। ইয়াৰ পূৰ্বে শ্ৰীমোদীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মাত্ৰ’, ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি চুনাক আৰু ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়।

Image

Image
প্রধানমন্ত্রীয়ে G-7 শীর্ষ সন্মিলনৰ আপাহতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেন সহ কেইবাগৰাকীও বিশ্ব নেতাক দেখা কৰে। শ্ৰীমোদীয়ে সামাজিক মাধ্যম যোগে কৈছে যে, ভাৰত আৰু আমেৰিকাই বিশ্বৰ ভালৰ বাবে একেলগে কাম কৰি যাব। তেওঁ লগতে জৰ্দানৰ ৰজা আব্দুল্লা দ্বিতীয়কো দেখা কৰে। তেওঁ কয় যে, ভাৰতে জৰ্দানৰ সৈতে থকা সম্পৰ্কত যথেষ্ট গুৰুত্ব দিয়ে। শ্রীমোদীয়ে সন্মিলনত ভাগ লোৱাৰ সুযোগতে প’প ফ্ৰান্সিছকো দেখা কৰে।

Image

প্ৰধানন্ত্ৰীয়ে জনসাধাৰণৰ প্ৰতি সেৱা আৰু পৃথিৱীৰ হিত সাধনৰ বাবে প’পৰ প্ৰতিবদ্ধতাৰ শলাগ লয়। তেওঁ লগতে প’পক ভাৰত ভ্ৰমণলৈ আমন্ত্ৰণ জনায়। সন্মিলনত অংশগ্ৰহণ কৰাৰ সুযোগতে প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰসংঘৰ সচিব প্রধান এণ্টনিঅ’ গুটেছে, ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলা দি ছিলভা, তুৰস্কৰ ৰাষ্ট্ৰপতি ৰিছেপ তৈয়প এর্ডোগান, সংযুক্ত আৰব আমিৰি ৰাষ্ট্র, ইউ এ ইৰ ৰাষ্ট্ৰপতি মহম্মদ বিন জায়েদ অল নাহয়ান আৰু কানাডাৰ প্ৰধানমন্ত্রী জাষ্টিন টুড’কো দেখা কৰে৷