ইটালীৰ এদিনীয়া ভ্ৰমণ সামৰি পুৱা নতুন দিল্লীত উপস্থিত প্ৰাধনমন্ত্ৰী মোদী

প্ৰাধনমন্ত্ৰী নৰেন্দ্ৰ মোদী ইটালীৰ এদিনীয়া ভ্ৰমণ সামৰি আজি পুৱা নতুন দিল্লীত উপস্থিত হয়। সামাজিক মাধ্যমৰ এটা পষ্টত প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ইটালী ভ্রমণক ফলদায়ক হিচাপে বৰ্ণনা কৰিছে। শ্ৰী মোদীয়ে বিভিন্ন বিষয়কলৈ বিশ্ব নেতাসকলৰ সৈতে হোৱা আলোচনাত আলোকপাত কৰে। তেওঁ লগতে বিশ্ব সম্প্রদায়ক উপকৃত কৰিব পৰা কেতবোৰ সিদ্ধান্ত আৰু ভৱিষ্যৎ প্ৰজন্মৰ বাবে এখন সুন্দৰ পৃথিৱী তৈয়াৰ কৰাৰ বাবে গ্ৰহণ কৰা প্ৰতিশ্ৰুতিবদ্ধতাৰ কথাও উল্লেখ কৰে।

Image
বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে প্রকাশ কৰা অনুসৰি প্ৰধানমন্ত্ৰীৰ এই ভ্রমণে জি-ছেভেন ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলৰ সৈতে বিভিন্ন গোলকীয় বিষয়ত ফলপ্রসু আলোচনাত সহায় কৰা বুলি প্ৰকাশ কৰিছে। লগতে এই সন্মিলনত অংশগ্ৰহণ কৰা দেশসমূহৰ সৈতে ভাৰতৰ অংশীদাৰিত্ব বৃদ্ধিতো এই ভ্রমণে ভূমিকা লোৱা বুলি মন্ত্ৰালয়ে জনাইছে। ইটালী ভ্ৰমণকালত প্রধানমন্ত্রীয়ে জি-ছেভেন শীর্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ লগতে ইটালীৰ প্ৰধানমন্ত্রী জ’জিয়া মেলনি, ব্ৰিটেইনৰ প্ৰধানন্ত্ৰী ঋষি চুনাক, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ আৰু ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভলডিমিৰ জেলেনস্কিসহ সাতগৰাকী বিশ্বনেতাৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়।

অধিক পঢ়ক

সকলো চাওক