অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল প্রাক্তন লেফটেনেণ্ট জেনেৰেল কে টি পাৰনায়কে আজি মেথোন দিৱস উপলক্ষে ইটানগৰত ভাৰতৰ উত্তৰ-পূব অঞ্চলত কৃষকৰ আয় বৃদ্ধিৰ বাবে সংহত মেথোন পালন শীর্ষক দুদিনীয়া ৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ শুভাৰম্ভ কৰে। তেওঁ মেথোন সম্পৰ্কীয় পুস্তিকা, ৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰাৰ লগতে প্ৰগতিশীল মেথোন পালকসকলক বঁটা প্ৰদান কৰে। উদ্বোধনী ভাষণত ৰাজ্যপালগৰাকীয়ে আশা প্ৰকাশ কৰে যে এই দিৱস উদযাপন আৰু ৰাষ্ট্ৰীয় আলোচনা চক্ৰই মেথোনৰ সুৰক্ষা সংৰক্ষণ আৰু অনুকূল ব্যৱহাৰৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰভাব পেলাব। তেওঁ কয় যে, উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত মেথোনৰ সৰ্বাধিক সংখ্যা অৰুণাচলত অৱস্থিত, যিটো সমগ্ৰ বিশ্বৰ মুঠ সংখ্যাৰ ৮৯ শতাংশ। ৰাজ্যপালগৰাকীয়ে লগতে কয় যে ৰাজ্যখনত এনে এক বিশেষ জন্তুৰ লালন-পালন কৰাৰ বাবে পালকসকলৰ লগতে অৰুণাচলপ্রদেশৰ জনসাধাৰণৰ বাবেও গৌৰৱৰ বিষয়।
Site Admin | September 1, 2024 8:14 PM | Methon Divas