ইজৰাইলৰ প্ৰধানমন্ত্রী বেঞ্জামিন নেতান্যাহুৱে হামাছৰ সৈতে যুদ্ধবিৰতিৰ দ্বিতীয় পৰ্যায়ৰ আলোচনাৰ নেতৃত্ব দিবলৈ এজন ঘনিষ্ঠ আত্মীয়ক নিযুক্তি দিছে বুলি দেশখনৰ এজন চৰকাৰী বিষয়াই জানিবলৈ দিছে । আলোচনাৰ বাবে নিযুক্তি দিয়া ৰন ডাৰ্মাৰ এজন কেবিনেট মন্ত্ৰী আৰু প্ৰধানমন্ত্রী নেতান্যায়াহুৰ ঘনিষ্ঠ উপদেষ্টা। ইয়াৰ পূৰ্বে তেওঁ আমেৰিকাত ইজৰাইলৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু হোৱাইট হাউছৰ সৈতে সূ-সম্পর্ক থকা এজন প্রাক্তন ৰিপাব্লিকান কর্মী। উল্লেখযোগ্য যে ইজৰাইল আৰু হামাছে এতিয়াও যুদ্ধবিৰতিৰ দ্বিতীয় পৰ্যায়ৰ আলোচনা আগবঢ়োৱা নাই। প্ৰথম পৰ্যায়ৰ আলোচনা যোৱাবছৰৰ মাৰ্চতে শেষ হৈছিল। ২০২৩ চনৰ ৭ অক্টোবৰত হামাছৰ আক্ৰমণৰ ফলত গাজাত যুদ্ধৰ সূচনা হোৱাৰ পিছৰে পৰা গাজা আৰু লেবাননত ৫০ হাজাৰতকৈ অধিক লোকৰ মৃত্যু হৈছে আৰু গাজাৰ প্ৰায় ৭০ শতাংশ অট্টালিকা ধ্বংসপ্রাপ্ত হৈছে বুলি গাজা আৰু লেবাননৰ স্বাস্থ্য মন্ত্ৰালয়ে প্রকাশ কৰিছে। ২০২৩ চনৰ ৭ অক্টোবৰৰ আক্ৰমণৰ সময়ত ইজৰাইলত প্ৰায় ১২০০ লোক নিহত হৈছিল।
Site Admin | February 20, 2025 7:33 AM | Israel Hamas Ceasefire
ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধবিৰতিৰ দ্বিতীয় পৰ্যায়ৰ আলোচনাৰ সম্ভাৱনা
