ডাউনলোড
মোবাইল এপ

android apple
signal

April 13, 2025 8:01 PM | hamas israel

printer

ইজৰাইলৰ বিমান আক্ৰমণত গাজা চহৰৰ অল আহলি বেপ্তিষ্ট হস্পিতালৰ এটা অংশ বিধবস্ত

ইজৰাইলে চলোৱা বিমান আক্ৰমণত গাজা চহৰত সম্পূৰ্ণৰূপে কাৰ্যক্ৰম হৈ থকা অন্তিমখন চিকিৎসালয় অল আহলি বেপ্তিষ্ট হস্পিতালৰ এটা অংশ বিধবস্ত হৈছে। গাজাৰ অসামৰিক জৰুৰীকালীন সেৱাই প্ৰকাশ কৰা অনুসৰি এই আক্ৰমণত এতিয়ালৈকে কোনো লোকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা হোৱা নাই। কেন্দ্ৰীয় নুছেৰাত শৰণাৰ্থী শিবিৰ আৰু দক্ষিণৰ খান ইউনিছৰ বাসিন্দাসকলক উৎখাতৰ বাবে ইজৰাইলী সৈনিকে জাৰি কৰা নিৰ্দেশৰ পাছতে এই আক্ৰমণৰ ঘটনা সংঘটিত হয়। ইয়াৰ পূৰ্বে কালি হামাছৰ সেনা অল কাছাম ব্রিগেডছে ২০২৩ চনৰ ৭ অক্টোবৰৰ পৰা গাজা ভূখণ্ডত আবদ্ধ হৈ থকা ইজৰাইলী-আমেৰিকান পণবন্দী এডাম আলেকজেণ্ডাৰৰ এটা ভিডিঅ’ প্ৰচাৰ কৰিছিল। ভিডিঅ’টোত পণবন্দীজনক শাৰীৰিক আৰু মানসিকভাৱে পীড়িত দেখা গৈছিল। ভিডিঅ’টো প্ৰচাৰ হোৱাৰ পাছতে ইজৰাইলৰ প্ৰধানমন্ত্রী বেঞ্জামিন নেতান্যাহুৰ কাৰ্যালয়ে এটা বিবৃতিযোগে কয় যে আলেকজেণ্ডাৰৰ পৰিয়ালৰ সৈতে প্ৰধানমন্ত্ৰীগৰাকীয়ে কথা পাতিছে আৰু সকলো পণবন্দীকে মুকলি কৰি দিয়াৰ বাবে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি নিশ্চিত কৰা হৈছে। গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি ৭ অক্টোবৰত হামাছে ইজৰাইলত কৰা আক্ৰমণৰ পাছত ইজৰাইলে কৰা বিমান আক্রমণত অতি কমেও ৫০, ৯৪৪জন পেলেষ্টাইনীৰ মৃত্যু হৈছে আৰু ১ লাখ ১৬ হাজাৰতকৈও অধিক লোক আহত হৈছে। উল্লেখযোগ্য যে ইজৰাইল আৰু হামাছৰ মাজত হোৱা যুদ্ধবিৰতি চুক্তিৰ প্ৰথম ৬টা সপ্তাহৰ সময়সীমা ইতিমধ্যে ১ মাৰ্চত উকলি গৈছে আৰু দ্বিতীয় পৰ্যায়ৰ যুদ্ধবিৰতি সংক্ৰান্তীয় আলোচনা স্থবিৰ হৈ আছে।

অধিক পঢ়ক

সকলো চাওক