ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ক কয় যে তেওঁ এখন পেলেষ্টাইনী ৰাজ্য স্থাপনৰ বিৰোধিতা কৰে। নেতানাহুৱে দ্বিদেশীয় সমস্যা সমাধানৰ বাবে আন্তঃৰাষ্ট্ৰীয় সমর্থন যুগুতোৱাৰ ক্ষেত্ৰত তেওঁৰ দীৰ্ঘদিনীয়া স্থিতিৰ কথা দোহাৰে। ফ্ৰান্সৰ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে ফোনযোগে হোৱা কথা-বতৰাত নেতান্যাহুৱে পেলেষ্টাইনী ৰাজ্য স্থাপনৰ তীব্ৰ বিৰোধিতা কৰি কয় যে এনে হ’লে এয়া সন্ত্ৰাসবাদীৰ বাবে এটা উল্লেখনীয় সাফল্য হ’ব। ইজৰাইলৰ চহৰসমূহৰ নিচেই ওচৰতে পেলেষ্টাইনী ৰাজ্য স্থাপন হ’লে ইৰাণৰ সন্ত্ৰাসবাদীৰ বাবে এয়া এটা শক্তিশালী কেন্দ্ৰ হৈ পৰিব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে সতৰ্ক কৰি দিয়ে। তেওঁ লগতে কয় যে অধিক সংখ্যক ইজৰাইলৰ জনসাধাৰণে এই বিষয়টো কঠোৰভাৱে বিৰোধিতা কৰিছে। ফোনযোগে হোৱা এই কথা-বতৰাৰ পাছত শ্ৰীমেক্রোৱে এটা বাৰ্তাত ইজৰাইলৰ নিৰাপত্তাৰ ক্ষেত্ৰত ফ্ৰান্সৰ পূৰ্ণ সমর্থন আছে বুলি দোহাৰে। তেওঁ লগতে কয় যে হামাছে এতিয়াও পণবন্দী কৰি ৰখা লোকসকলৰ মুক্তি সুনিশ্চিত কৰাৰ একমাত্ৰ উপায় হৈছে যুদ্ধবিৰতি। তেওঁ লগতে গাজাৰ জনসাধাৰণৰ সমৰ্থনৰ বাবে সকলো ধৰণৰ মানৱীয় সাহায্য তৎকালে মুকলি কৰি দিয়াৰ বিষয়ত গুৰুত্ব আৰোপ কৰে।
Site Admin | April 16, 2025 12:40 PM | Israel PM Netanyahu
ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰ’ক পেলেষ্টাইনী ৰাজ্য স্থাপনৰ বিৰোধিতাৰ কথা দোহাৰে
