August 4, 2024 6:15 PM | Iran-Israel

printer

ইজৰাইলৰ উত্তৰ প্ৰান্তৰ বিট হিলেল চহৰক লক্ষ্য কৰি লেবাননৰ পৰা হিজবুল্লাৰ কেইবাটাও ৰকেট নিক্ষেপ

লেবাননৰ পৰা সন্ত্ৰাসবাদী কাম-কাজ চলাই থকা হিজবুল্লাই যোৱা নিশা ইজৰাইলৰ উত্তৰ প্ৰান্তৰ বিট হিলেল চহৰক লক্ষ্য কৰি কেইবাটাও ৰকেট নিক্ষেপ কৰে। ইৰাণৰ সমৰ্থনপ্ৰাপ্ত সন্ত্ৰাসবাদী গোটটোৱে কৈছে যে, পেলেষ্টাইনৰ জনসাধাৰণৰ প্ৰতি সংহতি প্ৰদৰ্শনৰ উদ্দেশ্যে এই আক্ৰমণ কৰা হৈছে। লেবাননৰ কেফৰ কেলা আৰু ডীৰ চিৰিয়ানে চহৰৰ ওপৰত ইজৰাইলে চলোৱা আক্ৰমণত প্ৰত্যুত্তৰত এই আক্ৰমণ কৰা হৈছে বুলি হিজবুল্লাই প্ৰকাশ কৰিছে । ইজৰাইলে কালি হিজবুল্লাক লক্ষ্য কৰি গুলিবর্ষণ কৰে আৰু দেশখনৰ নিয়ন্ত্ৰণত থকা পশ্চিম তীৰ তথা গাজা চহৰৰ এখন স্কুলৰ ওপৰত আক্ৰমণ চলায়। হামাছৰ নিয়ন্ত্ৰণত থকা অঞ্চলৰ নাগৰিক সুৰক্ষা সংস্থাই এই আক্ৰমণত ১৭ জন লোক নিহত হোৱা বুলি দাবী কৰিছে। ইজৰাইলে এই সপ্তাহৰ প্ৰথম ভাগত লেবাননৰ ৰাজধানী বেৰুটত হিজবুল্লাৰ সামৰিক মুৰববীজনক হত্যা কৰাৰ কেইঘণ্টামানৰ ভিতৰত তেহেৰানত হামাছৰ নেতা ইছমাইল হানিয়ে হত্যাই মধ্য প্রাচ্যত উত্তেজনা বৃদ্ধি কৰিছে। ইয়াৰ ফলত যুদ্ধৰ আশংকা গঢ় লৈ উঠিছে। ইজৰাইলৰ মিত্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰই কৈছে যে দেশখনে অঞ্চলটোলৈ যুদ্ধ জাহাজ আৰু যুঁজাৰু বিমান প্ৰেৰণ কৰিব। পাশ্চাত্যৰ দেশসমূহে তেওঁলোকৰ নাগৰিকসকলক লেবানন ত্যাগ কৰিবলৈ আহ্বান জনাইছে।

অধিক পঢ়ক

সকলো চাওক