September 1, 2024 1:07 PM | Israel-Gaza

printer

ইজৰাইলী সেনা আৰু হামাছৰ গাজাত তিনিদিনৰ বাবে অভিযান বন্ধৰ সিদ্ধান্ত

ইজৰাইলী সেনা আৰু হামাছে গাজাৰ তিনিটা পৃথক পৃথক অঞ্চলত তিনিদিনৰ বাবে অভিযান বন্ধ ৰাখিবলৈ সন্মতি প্ৰদান কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ এজন জ্যেষ্ঠ বিষয়াই প্ৰকাশ কৰা মতে ৬ লাখ ৪০ হাজাৰ শিশুক পলিঅ’ প্ৰদানৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। গাজাত ১০ জনীয়া এটি শিশু পলিঅ’ত আংশিকভাৱে পক্ষাঘাত হোৱাৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। উল্লেখযোগ্য যে, যোৱা ২৫ বছৰত গাজাত এইটোৱেই পলিঅ’ৰ প্ৰথমটো ঘটনা। বিশ্ব স্বাস্থ্য সংস্থাই গাজাৰ ৯০ শতাংশ শিশুক পলিঅ’ নিয়ন্ত্ৰণৰ বাবে প্ৰতিষেধক প্ৰদানৰ লক্ষ্যত উপনীত হ’ব বিচাৰিছে। হামাছৰ কৰ্মবাৰ্তা বাছেন নেইমে এই অভিযানত সফলতা লাভ কৰাৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাক পূর্ণ সহযোগিতা আগবঢ়াব বুলি প্ৰকাশ কৰিছে। ইপিনে ইজৰাইলৰ প্ৰধানমন্ত্রী বেনজামিন নেতান্যাহুৱে এই সাময়িক বিৰতিক অস্ত্ৰ বিৰতি হিচাপে গণ্য উচিত নহয় বুলি মন্তব্য কৰিছে।

অধিক পঢ়ক

সকলো চাওক