ভাৰতে ইছলামীয় সহযোগিতা সংস্থা মঞ্চৰ অপব্যহাৰ কৰাৰ বাবে পাকিস্তানক তীব্ৰ গৰিহণা দিছে। নতুন দিল্লীত কালি বিয়লি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বিদেশ সচিব বিক্রম মিশ্রিয়ে কয়, যে এনে কৰাটো পাকিস্তানৰ পুৰণি অভ্যাস আৰু নতুন দিল্লী মহলে সময়ে সময়ে ইছলামীয় সহযোগিতা সংস্থাৰ মৈত্ৰী আৰু সহযোগী ৰাষ্ট্ৰসমূহৰ সৈতে বিষয়টো উত্থাপন কৰি আহিছে। তেওঁ কয়, যে পাকিস্তানৰ অভ্যাসজনিত এনে প্ৰচেষ্টাৰ বিষয়ে ভাৰতে নিজৰ মতামত প্ৰকাশ কৰি আহিছে আৰু অ’ আই চিৰ সদস্য ৰাষ্ট্ৰসমূহ এই বিষয়ে ভালদৰে অৱগত। ৰাছিয়া, ইউক্রেইন যুদ্ধ সন্দৰ্ভত শ্রী মিশ্রিয়ে কয়, যে এই গুৰুত্বপূৰ্ণ বিষয়টোলৈ আলাপ-আলোচনা অব্যাহত থাকিব। তেওঁ কয়, যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিষয়টো সমাধানৰ বাবে দ্বিপাক্ষিক আলোচনাৰ পোষকতা কৰি আহিছে। তেওঁ কয়, যে দ্বিপাক্ষিক আলোচনাৰ মাজেৰেহে সমস্যাটোৰ সমাধান সূত্ৰ উলিয়াব পৰা যাব বুলি ভাৰতে বিশ্বাস কৰে।
Site Admin | April 20, 2025 10:14 AM | India-Pakistan Related | Vikram Misri
ইছলামীয় সহযোগিতা সংস্থা মঞ্চৰ অপব্যহাৰ কৰাৰ বাবে পাকিস্তানক ভাৰতৰ তীব্ৰ গৰিহণা
