October 16, 2024 8:47 PM | DR. S. joysankar

printer

ইছলামাবাদত অনুষ্ঠিত চাংহাই সহযোগিতা সংস্থাৰ চৰকাৰ প্ৰধানসকলৰ পৰিষদৰ বৈঠকক ফলপ্রসূ বুলি বিদেশ মন্ত্রী ড০ এছ জয়শংকৰৰ অভিহিত

বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে আজি পাকিস্তানৰ ইছলামাবাদত অনুষ্ঠিত চাংহাই সহযোগিতা সংস্থাৰ চৰকাৰ প্ৰধানসকলৰ পৰিষদৰ বৈঠকক ফলপ্রসূ বুলি অভিহিত কৰিছে। ড০ জয়শংকৰে সামাজিক মাধ্যমযোগে কৈছে যে, বৈঠকত ৮ খন নথিত স্বাক্ষৰ কৰা হয়। ভাৰতে আলাপ-আলোচনাত ইতিবাচক আৰু গঠনমূলক অৱদান আগবঢ়োৱা বুলি তেওঁ উল্লেখ কৰে। বিদেশ মন্ত্ৰীগৰাকীয়ে কয় যে, বৈঠকত ভাৰতৰ দৃষ্টিভংগীৰে এখন পৃথিৱী, এটা পৰিয়াল আৰু এটা ভৱিষ্যৎ অৱধাৰণা সন্দৰ্ভত আলোচনাৰ সূত্ৰপাতসহ ৮ টা মূল পৰিণামৰূপে পৰিগণিত হৈছে। তেওঁ ডি পি আই আৰু ডিজিটেল অন্তর্ভুক্তি চাংহাই সহযোগিতা সংস্থাৰ পৰিকাঠামোৰ অংশ হোৱাৰ লগতে সংস্থাটোৱে ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়নৰ লক্ষ্যত উপনীত হোৱাৰ বাবে লাইফ মিছনৰ পৰা অনুপ্ৰেৰণা লোৱা বুলি উল্লেখ কৰে। বৈঠকত চাংহাই সহযোগিতা সংস্থাৰ সদস্য ৰাষ্ট্ৰসমূহে এছ চি অ’ ষ্টার্ট-আপ মঞ্চ, ষ্টার্ট-আপ, উদ্ভাৱন আৰু পৰম্পৰাগত চিকিৎসা সম্পৰ্কীয় বিশেষ কাৰ্য্যগোটৰ দৰে ভাৰতীয় উদ্যমসমূহৰ ফলাফলৰ প্ৰতি আদৰণি জনায়। ড০ জয়শংকৰে লগতে চাংহাই সহযোগিতা সংস্থাৰ অধ্যক্ষতাৰ দায়িত্ব গ্ৰহণ কৰাৰ বাবে ৰাছিয়াক ভাৰতৰ হৈ শুভেচ্ছা জ্ঞাপন কৰে।

অধিক পঢ়ক

সকলো চাওক