ডাউনলোড
মোবাইল এপ

android apple
signal

June 17, 2024 11:54 AM | eid uz zuha 2024

printer

ইছলামধৰ্মী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদ-উজ-জোহা

ইছলামধৰ্মী লোকসকলৰ পৱিত্ৰ উৎসৱ ঈদ-উজ-জোহা আজি সম্পূর্ণ ধৰ্মীয় ৰীতি-নীতিৰে উদযাপন কৰা হৈছে। সমগ্ৰ দেশৰ লগতে অসমতো ঈদৰ উছাহ পৰিলক্ষিত হৈছে। ঈদ উপলক্ষে মছজিদ আৰু ঈদগাহসমূহ সজাই-পৰাই তোলা হৈছে। পুৱা সমূহীয়া নামাজৰ ব্যৱস্থা কৰা হৈছে। ৰাজ্যৰ আন আন ঠাইৰ লগতে গোৱালপাৰা জিলাব ভিন্ন প্রান্ততো ঈদ-উজ-জোহা উদযাপন কৰা হৈছে। প্ৰতিকূল বতৰ বাবে ঈদ নামাজ পঢ়াত পলম হোৱাৰ লগতে ঈদগাহৰ পৰিৱৰ্তে মছজিদসমূহত নামাজ অনুষ্ঠিত কৰা হৈছে। পুৰুষৰ সমানে মহিলাসকলেও ঈদৰ নামাজত ভাগ লয়। ঈদ উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে৷ এটা বাৰ্তাত ঈদ-উজ-জোহাক ত্যাগৰ প্ৰতীক হিচাপে বৰ্ণনা কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, এই উৎসবে প্রেম, ভাতৃত্ববোধ আৰু সামাজিক সম্প্ৰীতিৰ বাৰ্তা বহন কৰে। উপ-ৰাষ্ট্রপতি জগদীপ ধনখড়ে এই উৎসৱত ৰাইজক একতা, দয়া আৰু সংহতিৰ মূল্যবোধ সন্দৰ্ভত চিন্তা কৰিবলৈ আহ্বান জনায় ৷ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়ায়েও ঈদ-উজ-জোহা উপলক্ষে ইছলামধৰ্মী লোকসকলক শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত শ্ৰীকাটাৰিয়াই কয় যে, ত্যাগৰ এই উৎসৱে জনসাধাৰণৰ মাজত পাৰস্পৰিক সহানুভূতি, সদিচ্ছা আৰু কৃতজ্ঞতাৰ মনোভাৱ শক্তিশালী কৰি তুলিব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মায়ো ঈদ উপলক্ষে ইছলামধর্মী লোকসকলক শুভেচ্ছা জনাইছে।

অধিক পঢ়ক

সকলো চাওক