ডাউনলোড
মোবাইল এপ

android apple
signal

February 23, 2025 12:29 PM | USTM

printer

ইউ এছ টি এমৰ স্বত্বাধিকাৰী মহবুবুল হককে ধৰি ৬ জন লোকক ন্যায়িক জিম্মালৈ প্ৰেৰণ

চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত অবৈধ উপায়েৰে সহায়ৰ নামত ধন লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় মেঘালয়-ইউ এছ টি এমৰ স্বত্বাধিকাৰী মহবুবুল হককে ধৰি ৬ জন লোকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। অসম আৰক্ষীয়ে কৰিমগঞ্জ সদৰ থানাত জেৰাৰ অন্তত কালি বিয়লি অভিযুক্ত হকক ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱায়। মাজ নিশালৈ দুয়োপক্ষৰ শুনানি গ্রহণ কৰি আদালতে মহবুবুল হকৰ জামিন আবেদন নাকচ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ৷ উল্লেখযোগ্য যে মহবুবুল হকব প্রতিষ্ঠানটোৱে শ্ৰীভূমিৰ পাথাৰিকান্দি কেন্দ্রীয় বিদ্যালয়ৰ পদার্থ বিজ্ঞান পৰীক্ষাত অৱতীৰ্ণ হোৱা ২১৪ জন প্রার্থীক উত্তীৰ্ণ কৰিবলৈ ধন লোৱাৰ লগতে অসাধু উপায়েৰে সহায়ৰ প্ৰতিশ্ৰুতি দিয়াৰ অভিযোগ উত্থাপন হৈছিল। পৰীক্ষাকেন্দ্ৰত এই বিষয়ক কেন্দ্ৰ কৰি হুলস্থূল সৃষ্টি হোৱাত বিষয়টো পোহৰলৈ আহে আৰু শ্ৰীভূমি আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শিক্ষা ব্যৱস্থাত এনে অপকৰ্ম ৰোধ কৰিবলৈ চৰকাৰ সদায় দায়বদ্ধ বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে। ড° শৰ্মাই চিকিৎসা বিজ্ঞান আৰু অভিযান্ত্ৰিক পাঠ্যক্ৰমৰ প্ৰৱেশ পৰীক্ষাৰ ক্ষেত্ৰতো এই চক্ৰটোৱে অসাধু উপায় অৱলম্বন কৰি আহিছিল বুলি মন্তব্য কৰি তেওঁ ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব বুলি সকীয়াই দিয়ে।

অধিক পঢ়ক

সকলো চাওক