June 18, 2024 12:16 PM | Football

printer

ইউ ই এফ এ ইউৰোপীয়ান ফুটবল চেম্পিয়নশ্বিপত শ্লোভাকিয়াৰ ইতিহাস

ইউ ই এফ এ ইউৰোপীয়ান ফুটবল চেম্পিয়নশ্বিপত শ্লোভাকিয়াই ইতিহাস ৰচিছে। জাৰ্মানীৰ ফ্ৰেংকফটত কালি গ্রুপ ই-ৰ এখন খেলত শ্লোভাকিয়াই বেলজিয়ামক ১-০ গলৰ ব্যৱধানত ফলাফলত পৰাস্ত কৰে। খেলখনৰ সাত মিনিটত ইভান স্ক্ৰাঞ্জৰ একমাত্ৰ গলৰ সহায়ত বিশ্বৰ ৪৮ সংখ্যক স্থানৰ দল শ্লোভাকিয়াই তৃতীয় স্থানৰ বেলজিয়াম দলৰ পৰা তিনি পইণ্ট লাভ কৰে। মিউনিখত অনুষ্ঠিত গ্রুপ ই-ৰ আন এখন খেলত ৰোমানিয়াই ইউক্রেইনক ৩-০ গলৰ ব্যৱধানত পৰাজিত কৰে। খেলখনৰ প্ৰথমার্ধত নিকোলা ষ্টেনচিউৱে ৰোমানিয়াক আগুৱাই লৈ যায় আৰু দ্বিতীয়াৰ্ধৰ আৰম্ভণিতে ৰিজভান মেৰিন আৰু ডেনিছ মিহাই ড্ৰাগুৱে দুটাকৈ কুইকফায়াৰ গ’ল দিয়ে।  ইউৰোপীয় চেম্পিয়নশ্বিপত ৰোমানিয়াৰ এইটো হৈছে দ্বিতীয় তথা ২৪ বছৰৰ ভিতৰত প্ৰথম জয়। আনহাতে গ্রুপ ডি-ত ফ্রান্সে ডাচেলডর্ফত অষ্ট্ৰিয়াৰ বিৰুদ্ধে ১-০ ফলাফলৰ জয়ৰে অভিযান আৰম্ভ কৰে। প্রতিযোগিতাত আজি গ্রুপ বি-ৰ এখন খেলত ক্ৰ’ৱেচিয়াই আলবেনিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। আনহাতে আয়োজক দেশ জার্মানী গ্রুপ এ-ৰ এখন খেলত হাংগেৰীৰ মুখামুখি হ’ব।

অধিক পঢ়ক

সকলো চাওক