ইউৰো কাপ ফুটবল প্রতিযোগিতাত আজি জর্জিয়া আৰু চেক গণৰাজ্যৰ মাজত খেল অনুষ্ঠিত হ’ব। ভাৰতীয় সময় অনুসৰি খেলখন সন্ধিয়া চাৰে ৬ বজাত হামবুর্গত অনুষ্ঠিত হ’ব। ডর্টমুণ্ডত ভাৰতীয় সময় অনুষ্ঠিত নিশা চাৰে ৯ বজাত তুৰস্ক আৰু পৰ্টুগালৰ মাজত আন এখন খেল অনুষ্ঠিত হ’ব আনহাতে ভাৰতীয় সময় অনুসৰি নিশা চাৰে ১২ বজাত কল’নত বেলজিয়াম আৰু ৰোমানিয়াৰ মাজত খেল অনুষ্ঠিত হ’ব। অষ্ট্ৰিয়াই যোৱানিশা বাৰ্লিনৰ অলিম্পিয়াষ্টেডিয়ামত অনুষ্ঠিত গ্রুপ-বিব এখন সংঘর্ষপূর্ণ খেলত পোলেণ্ডক ৩- ১ গলৰ ব্যৱধানত পৰাস্ত কৰে। কালিৰ পৰাজয়ৰ পাছত পোলেণ্ডৰ পৰৱৰ্তী ৰাউণ্ডলৈ যোগ্যতা অৰ্জন কৰাৰ আশা ক্ষীন হৈ পৰিছে। দলটো নিজৰ প্ৰথমখন খেলত নেডাৰলেণ্ডৰ বিৰুদ্ধে পৰাভূত হৈছিল।
Site Admin | June 22, 2024 1:08 PM | Euro Cup
ইউৰো কাপ ফুটবল প্রতিযোগিতাত আজি জর্জিয়া চেক গণৰাজ্যৰ বিৰুদ্ধে অৱৰ্তীণ
