ইউৰোপ ভ্ৰমণলৈ যোৱা ভাৰতীয় হকী দলটোৱে বেলজিয়ামৰ বিৰুদ্ধে জয়লাভেৰে তেওঁলোকৰ প্ৰতিযোগিতা আৰম্ভ কৰিছে। ভাৰতীয় দলৰ সহ অধিনায়ক শদানন্দ তিৱাৰীয়ে এটা পেনাল্টি স্ট্রোকক গ’ললৈ পৰিৱৰ্তিত কৰি দলটোক প্ৰথম অগ্রগতি প্ৰদান কৰে। আনহাতে, খেলৰ প্ৰথমাৰ্ধৰ সমাপ্তিৰ পূৰ্বে একেগৰাকী খেলুৱৈয়ে পেনাল্টিৰ জৰিয়তে গ’ল দি দলৰ অগ্ৰগতি ২-০লৈ বৃদ্ধি কৰে। আনহাতে, বেলজিয়ামৰ দলটোৱে খেলৰ দ্বিতীয়ার্ধত পেনাল্টি কৰ্ণাৰক গ’ললৈ ৰূপান্তৰ কৰি গ’লৰ ব্যৱধান ২-১ লৈ হ্ৰাস কৰে। আনহাতে, খেল শেষ হোৱাৰ কেইমিনিটমান পূর্বে আন এটা পেনাল্টি কর্ণাৰৰ সুযোগ লৈ বেলজিয়ামৰ দলটোৱে খেলখনত সমতা স্থাপন কৰে। এনেদৰে নিৰ্ধাৰিত সময়ত খেলখন ২-২ গ’লত অমীমাংসিত হৈ ৰোৱাত পেনাল্টি শ্বুট আউটৰ সহায় লোৱা হয়। পেনাল্টি শ্বুট আউটত ভাৰতৰ হৈ গুৰ্জোৎ সিং, সৌৰভ আনন্দ খুশ্বৱাহা, দিলৰাজ সিং আৰু মনমীত সিঙে গ’ল দিয়াৰ বিপৰীতে দলটোৰ গ’লৰক্ষক প্রিন্স দীপ সিঙে প্রতিপক্ষৰ দুটাকৈ শ্বট ব্যর্থ কৰি ৪-২ ফলাফলেৰে দলৰ বিজয় নিশ্চিত কৰে। ভাৰত কাইলৈ নেডাৰলেণ্ডছৰ ব্ৰেডাত হ’বলগীয়া পৰৱৰ্তী খেলত বেলজিয়ামৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।
Site Admin | May 21, 2024 7:35 PM | Indian Hockey Team