ইউৰোপীয় সংঘই সন্ত্ৰাসবাদৰ ফলত উদ্ভৱ হোৱা প্ৰত্যাহ্বানৰ সন্মুখীন হ’বৰ বাবে যুটীয়া আৰু আঞ্চলিক কাৰ্যব্যৱস্থাৰ প্ৰতি গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীত আজি অনুষ্ঠিত এখন সন্মিলনত ভাৰতত থকা ইউৰোপীয় সংঘৰ দূত হার্ভে ডেলফিনে এই সন্দৰ্ভত মত প্ৰকাশ কৰে। সন্মিলনত ভাষণ দি তেওঁ কয় যে, সন্ত্ৰাসবাদী আৰু উগ্ৰপন্থী কার্যকলাপৰ ফলত উদ্ভৱ হোৱা অনলাইন প্ৰত্যাহ্বানসমূহৰ মুখামুখি হোৱাৰ ক্ষেত্ৰত ইউৰোপীয় সংঘৰ দীৰ্ঘদিনীয়া অভিজ্ঞতা থকাৰ লগতে এই দিশত উপযুক্ত কাৰ্যব্যৱস্থা গ্ৰহণৰ বাবেও তেওঁলোক দায়বদ্ধ।
Site Admin | August 21, 2024 2:35 PM