গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি ইউটিউবাৰ আছিছ চাঞ্চলানিৰ অন্তৱৰ্তীকালিন জামিন মঞ্জুৰ কৰে। সামাজিক মাধ্যমত অশোভনীয় মন্তব্য আগবঢ়োৱাৰ অভিযোগত অসম আৰক্ষীৰ অপৰাধ শাখাই আছিছৰ লগতে আন কেইবাজনো লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি হাজিৰ হ’বলৈ চমন জাৰি কৰিছিল। কিন্তু এই নিৰ্দেশৰ পাছত অভিযুক্ত ইউটিউবাৰ আছিছ চাঞ্চলানি উচ্চ ন্যায়ালয়ৰ কাষ চাপে। আজি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মৃদুল কলিতাৰ বিচাৰপীঠত অনুষ্ঠিত শুনানি কালত অসম চৰকাৰৰ অধিবক্তাই ইউটিউবাৰজনৰ জামিনৰ বিৰোধিতা কৰি জাননি জাৰি কৰাৰ পাছতো তেওঁ আৰক্ষীৰ তদন্তকাৰী বিষয়াৰ ওচৰত হাজিৰ হোৱা নাই বুলি প্ৰকাশ কৰে। উচ্চ ন্যায়ালয়ে সকলো দিশ পর্যবেক্ষণ কৰি ইউটিউবাৰগৰাকীক অন্তৱৰ্তীকালিন জামিন প্ৰদান কৰে। অৱশ্যে ন্যায়ালয়ে তেওঁক সাদিনৰ ভিতৰত তদন্তকাৰী বিষয়াৰ ওচৰত হাজিৰ হ’বলৈ নিৰ্দেশ দিছে। উল্লেখযোগ্য যে, একেটা গোচৰত উচ্চতম ন্যায়ালয়ে আন এজন অভিযুক্ত ৰণবীৰ এলাহবাদিয়াৰ জামিন মঞ্জুৰ কৰিছিল। এই দিশলৈ লক্ষ্য ৰাখি উচ্চতম ন্যায়ালয়ে আজি ইউটিউবাৰগৰাকীৰ জামিন মঞ্জুৰ কৰে। অহা ৭ মাৰ্চত গোচৰটোৰ পুনৰ শুনানিৰ দিন ধাৰ্য কৰা হৈছে। ইয়াৰ আগেয়ে গোচৰটোৰ সংক্ৰান্তত মুম্বাইলৈ যোৱা অসম আৰক্ষীৰ অপৰাধ শাখাৰ দলে আছিছ চাঞ্চলানি, ৰণবীৰ এলাহবাদীয়া, যশপ্রীত সিং, অপূৰ্ব মাখিজা আৰু সময় ৰাইনালৈ গুৱাহাটীত উপস্থিত হোৱাৰ বাবে জাননি জাৰি কৰিছিল।
Site Admin | February 18, 2025 7:53 PM | Gauhati High Court
ইউটিউবাৰ আছিছ চাঞ্চলানিৰ অন্তৱৰ্তীকালিন জামিন মঞ্জুৰ
