ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিয়ে কৈছে যে, ইউক্রেইন আৰু ৰাছিয়াৰ মাজত চলি থকা যুদ্ধ সমাপ্তিৰ কূটনৈতিক প্ৰয়াসৰ ক্ষেত্ৰত ভাৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ হিচাপে পৰিগণিত হ’ব পাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্রথমটো ইউক্রেইন ভ্ৰমণৰ সময়ছোৱাত কালি কিভত হোৱা দ্বিপাক্ষিক আলোচনাৰ সময়ত শ্রীমোদীয়ে ৰাষ্ট্ৰপতিগৰাকীক ভাৰতলৈ আমন্ত্ৰণ জনোৱাৰ পাছতে তেওঁ এই বক্তব্য আগবঢ়ায়। বৈঠকৰ পাছত জেলেন্স্কিয়ে ভাৰতৰ সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে। আলোচনাৰ সময়ত শ্রীমোদীয়ে কয় যে, ২০২২ চনৰ ফেব্ৰুৱাৰীত ইউক্রেইন-ৰাছিয়াৰ যুদ্ধ আৰম্ভ হোৱাৰ পৰাই ভাৰত শান্তিৰ পক্ষত আছে। তেওঁ কয় যে, দেশ দুখনে সময় নষ্ট নকৰি যুদ্ধৰ সমাপ্তিৰ বাবে আলোচনাত বহা উচিত। ইউক্রেইনৰ ৰাষ্ট্ৰপতিয়ে গোলকীয় দক্ষিণ দেশসমূহৰ ভিতৰত ভাৰতক দ্বিতীয় ইউক্রেইন শান্তি সন্মিলন আয়োজন কৰাৰ বাবে প্ৰস্তাৱ দিছিল। প্ৰথমখন শান্তি সন্মিলন যোৱা জুনত ছুইজাৰলেণ্ডত অনুষ্ঠিত হৈছিল য’ত ৯০ খনতকৈও অধিক দেশ আৰু গোলকীয় প্রতিষ্ঠানে ভাগ লৈছিল। ইউক্রেইনলৈ শান্তি ঘূৰাই অনাই হৈছে তেওঁলোকৰ মূল উদ্দেশ্য। নতুন দিল্লীয়ে ইউক্রেইনলৈ শান্তি ঘূৰাই অনাৰ ক্ষেত্ৰত সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে।
Site Admin | August 24, 2024 12:26 PM | Ukraine President
ইউক্রেইন-ৰাছিয়াৰ যুদ্ধ সমাপ্তিৰ কূটনৈতিক প্ৰয়াসত ভাৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ হ’ব পাৰে : ভ’ল’ডিমিৰ জেলেনস্কি
