ডাউনলোড
মোবাইল এপ

android apple
signal

March 2, 2025 11:47 AM | Europe-Ukraine

printer

ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিয়ে লণ্ডনত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ

ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিয়ে কালি লণ্ডনত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টেমাৰক সাক্ষাৎ কৰে। এই বৈঠকত ব্রিটেইনে দেশখনক ২৮০ কোটি ডলাৰ ঋণ দিবলৈ সন্মতি প্ৰকাশ কৰে। এই ঋণৰ ধনৰাশিৰে ইউক্রেইনৰ প্ৰতিৰক্ষা সামৰ্থ বৃদ্ধি হ’ব বুলি ৰাষ্ট্ৰপতি জেলেনস্কিয়ে প্রকাশ কৰে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পৰ সৈতে হোৱা সাক্ষাতৰ এদিন পাছতেই এই বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীয়ে ইউক্রেইনত চলি থকা সংঘাটৰ সময়ছোৱাত দেশখনক সমৰ্থন কৰি যাব বুলি প্রতিশ্রুতি দিয়ে। তেওঁ লগতে ইউক্ৰেইনত স্থায়ী শান্তি প্ৰতিষ্ঠাৰ বাবে কাম কৰাৰ ক্ষেত্ৰত ব্ৰিটেইনৰ প্ৰতিশ্ৰুতিবদ্ধতাক দোহাৰে। ইপিনে ইউক্রেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে ব্ৰিটেইনক এই সহায়ৰ বাবে কৃতজ্ঞতা জনায়। আজি জেলেনস্কিয়ে ৰজা তৃতীয় ছাৰ্লছৰ লগতে ইউৰোপীয় সহযোগীসকলৰ এটা গোটৰ সৈতে বৈঠকত মিলিত হয়। ইটালীৰ প্ৰধানমন্ত্ৰী জর্জিয়া মেলা’নি আৰু আন নেতাসকলে ইউক্রেইনৰ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে বৈঠকত মিলিত হয়। ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টেমাৰে ইউৰোপীয় শীৰ্ষ সন্মিলনৰ বাবে আজি ইউৰোপীয় নেতাসকলক লণ্ডনলৈ আমন্ত্রণ জনাইছে। এই শীর্ষ সন্মিলনলৈ ফ্রান্স, জামার্নী, ডেনমার্ক, নেডাৰলেণ্ড, নৰৱে, পোলেণ্ড . স্পেইন, তুৰস্ক, ফিনলেণ্ড, ছুইডেন, চেক গণৰাজ্য আৰু ৰোমানিয়াৰ নেতাসকলৰ লগতে ইউৰোপীয় পৰিষদ আৰু ইউৰোপীয় আয়োগৰ অধ্যক্ষ তথা নাটোৰ সচিব প্ৰধানক আমন্ত্ৰণ জনোৱা হৈছে।

অধিক পঢ়ক

সকলো চাওক