ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ইটালীৰ অপুলীয়াত অনুষ্ঠিত জি-ছেভেন শীর্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ সুযোগতে কেইবাখনো দেশৰ নেতাৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। শ্রী মোদীয়ে আজি বিয়লি ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মাক্ৰ’ক সাক্ষাৎ কৰে। দুয়োগৰাকী নেতাই প্ৰতিৰক্ষা, পাৰমাণৱিক, মহাকাশ শিক্ষা, জলবায়ু, পৰিৱৰ্তনৰ বিৰূপ প্রভাৱ প্ৰতিৰোধী ব্যৱস্থা, ডিজিটিয় ৰাজহুৱা আন্তঃগাঁথনি, গুৰুত্বপূৰ্ণ প্ৰযুক্তি, যোগাযোগ আৰু সংস্কৃতিকে ধৰি বিভিন্ন ক্ষেত্ৰত সহযোগিতা সুদৃঢ় কৰাৰ উপায় সম্পর্কে আলোচনা কৰে। তেওঁলোকে লগতে গুৰুত্বপূৰ্ণ গোলকীয় আৰু আঞ্চলিক বিষয়সমূহক লৈ মত বিনিময় কৰে। আলোচনাকালত নেতা দুগৰাকীয়ে মেক ইন্‌ ইণ্ডিয়া উদ্যমত বিশেষ গুৰুত্ব আৰোপ কৰি কৌশলগত প্ৰতিৰক্ষা সহযোগিতা অধিক সুদৃঢ় কৰাৰ সপক্ষে মত পোষণ কৰে। তেওঁলোকে অহা বছৰ ফ্ৰান্সত হ’বলগীয়া কৃত্রিম বুদ্ধিমত্তা শীর্ষ সন্মিলন আৰু ৰাষ্ট্ৰসংঘৰ মহাসাগৰ সন্মিলনৰ পৰিপ্ৰেক্ষিতত ঘনিষ্ঠতাৰে কাম কৰি কৃত্রিম বুদ্ধিমত্তা, গুৰুত্বপূৰ্ণ আৰু উদীয়মান প্ৰযুক্তি, শক্তি আৰু ক্ৰীড়া খণ্ডত সহযোগিতা সম্প্ৰসাৰণ কৰিবলৈও সন্মতি প্ৰকাশ কৰে। সুস্থিৰ আৰু সমৃদ্ধিশালী গোলকীয় শৃংখলাৰ বাবে ভাৰত আৰু ফ্ৰান্সৰ মাজত শক্তিশালী আৰু বিশ্বাসযোগ্য কৌশলগত সহযোগিতা গুৰুত্বপূৰ্ণ বুলি মত প্ৰকাশ কৰি দুয়োগৰাকী নেতাই এই সম্পৰ্ক নতুন শিখৰলৈ লৈ যোৱাৰ বাবে কাম কৰিবলৈ সন্মতি প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতিগৰাকীক আসন্ন পেৰিছ অলিম্পিক আৰু পেৰালিম্পিক ক্রীড়া মহোৎসৱৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। প্রধানমন্ত্রী মোদীয়ে আজি জি ছেভেন শীৰ্ষ সন্মিলনৰ আপাহতে ব্ৰিটেইনৰ প্ৰধানমন্ত্রী ঋষি চুনাককো সাক্ষাৎ কৰে। শ্রী মোদীয়ে সামাজিক মাধ্যমযোগে এন ডি এ চৰকাৰৰ তৃতীয় কাৰ্যকালত ভাৰত-ব্ৰিটেইন সর্বাত্মক কৌশলগত সহযোগিতা অধিক সুদৃঢ় কৰাৰ প্ৰতি নিজৰ প্ৰতিশ্ৰুতিবদ্ধতা প্রকাশ কৰে। তেওঁ কয় যে অৰ্ধ পৰিবাহক, প্রযুক্তি আৰু বাণিজ্যৰ লেখীয়া খণ্ডসমূহত উভয় দেশৰ মাজৰ সম্পৰ্ক অধিক গভীৰ কৰাৰ থল আছে। দুয়োগৰাকী নেতাই লগতে প্ৰতিৰক্ষা খণ্ডত সম্পৰ্ক শক্তিশালী কৰাৰ বিষয়েও আলোচনা কৰে। শ্ৰী মোদীয়ে শীৰ্ষ সন্মিলনত ভাগ লোৱাৰ সুযোগতে ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিকো সাক্ষাৎ কৰে। সাক্ষাৎকালত দুয়োগৰাকী নেতাই উভয় দেশৰ মাজৰ দ্বিপাক্ষিক সম্পর্কসুদৃঢ় কৰাৰ উপায় সম্পর্কে আলোচনা কৰে ৷ তেওঁলোকে লগতে দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা চলায় আৰু ইউক্রেইনৰ পৰিস্থিতি তথা ছুইজাৰলেণ্ডে আয়োজন কৰা আসন্ন শান্তি সন্মিলনৰ বিষয়ে মত বিনিময় কৰে। শ্ৰী মোদীয়ে কয় যে ভাৰত ইউক্রেইনৰ সৈতে দ্বিপাক্ষিক সম্পর্ক সুদৃঢ় কৰিবলৈ আগ্রহী। বৰ্তমানৰ সংঘৰ্ষ সন্দৰ্ভত মত প্ৰকাশ কৰি শ্ৰী মোদীয়ে কয় যে ভাৰতে মানৱ কেন্দ্ৰিক দৃষ্টিভংগীত বিশ্বাস কৰে আৰু আলোচনা তথা কূটনীতিয়েই শান্তিৰ পথ বুলি গণ্য কৰে।

অধিক পঢ়ক

সকলো চাওক