ভাৰতৰ আনাহত সিঙে ইংলেণ্ডৰ বার্মিংহামত অনুষ্ঠিত ব্ৰিটিছ জুনিয়ৰ অ’পেন স্কোৱছ প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। কালি ১৭ বছৰ অনুৰ্ধৰ ছোৱালীৰ একক খিতাপৰ ছেমি ফাইনেলত আনাহত সিঙে ইজিপ্তৰ ৰুকায়া চেলেমক ৩-১ ফলাফলত পৰাস্ত কৰে। ফাইনেলত আনাহত ইজিপ্তৰ মালিকা এল কাৰাক্সীৰ মুখামুখি হ’ব। ছেমি ফাইনেলত মালিকা এল কাৰাকচিয়ে হংকঙৰ হেলেন টাঙক ৩-১ ফলাফলত পৰাস্ত কৰে। উল্লেখ্য যে বিশ্ব জুনিয়ৰ স্কোৱছ চেম্পিয়নশ্বিপৰ পিছতে ব্ৰিটিছ জুনিয়ৰ অ’পেনক দ্বিতীয় সৰ্বাধিক সন্মানীয় জুনিয়ৰ অ’পেন স্কোৱছ চেম্পিয়নশ্বিপ হিচাপে গণ্য কৰা হয়।
Site Admin | January 6, 2025 6:18 PM | Anahat Singh