কেন্দ্ৰীয় পৰিবেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে সামগ্ৰীৰ পুনৰ ব্যৱহাৰ আৰু পুনৰ সংশোধন প্ৰক্ৰিয়াৰ সামৰ্থ বৃদ্ধি কৰাৰ আৱশ্যকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীত আজি আৱৰ্জনাৰ পুনৰ সংশোধন আৰু জলবায়ু পৰিবৰ্তন ২০২৫ ৰ অষ্টাদশ সন্মিলনত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ২০৪৭ চনৰ ভিতৰত ভাৰতক বিকশিত দেশ হিচাপে গঢ়ি তোলাৰ বাবে সামগ্ৰীৰ উৎস সমূহৰ অপব্যৱহাৰ হ্ৰাস কৰা আৰু পুনৰ সংশোধনৰ ক্ষমতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে। তেওঁ কয়, যে ভাৰতৰ পুনৰ সংশোধনৰ অৰ্থ ব্যৱস্থাৰ বজাৰ মূল্য ২০৫০ চনলৈ প্ৰায় ২লাখ কোটি আমেৰিকান ডলাৰ হ’ব আৰু প্ৰায় ১কোটি নিয়োগ সৃষ্টি কৰিব। পুনৰ সংশোধনৰ অৰ্থ ব্যৱস্থাক আদর্শ বিত্তীয় আর্হি হিচাপে গ্ৰহণ কৰা হৈছে। অৱশিষ্ট সামগ্ৰী সমূহ নষ্ট কৰা আৰু পুনৰ ব্যৱহাৰৰ বাবে সংশোধন কৰাৰ উদ্দেশ্যেৰে এই আৰ্হি গ্ৰহণ কৰা হৈছে ৷
Site Admin | February 18, 2025 7:23 PM | Bhupendra Yadav
আৱৰ্জনাৰ পুনৰ সংশোধন আৰু জলবায়ু পৰিবৰ্তন ২০২৫ৰ অষ্টাদশ সন্মিলনত মন্ত্ৰী ভপেন্দ্ৰ যাদৱৰ অংশগ্ৰহণ
