চাংহাইত অনুষ্ঠিত আৰ্ছাৰী বিশ্বকাপত ভাৰতীয় দলটোৱে বৰ্তমানলৈকে ৫ টা সোণ, ২ টা ৰূপ আৰু ১ টা ব্ৰঞ্জসহ মুঠ ৮ টা পদক লাভ কৰিছে। পুৰুষৰ ৰিকাৰ্ভ শাখাত ভাৰতীয় খেলুৱৈত্ৰয় ক্ৰমে ধিৰাজ বোম্বাদেৱড়া, তৰুণদেৱ ৰয় আৰু প্ৰবীন যাদৱে দক্ষিণ কোৰিয়াক হৰুৱাই সোণৰ পদক লাভ কৰে। বিশ্বকাপ ফাইনেলত ভাৰতীয় পুৰুষৰ ৰিকাৰ্ভ দলৰ এয়া হৈছে প্ৰথমটো ঐতিহাসিক জয়। এই জয়ে পেৰিছ অলিম্পিকত দলটোৰ অংশগ্ৰহণৰ সম্বাৱনা বৃদ্ধি কৰিছে। ইফালে, দিপিকা কুমাৰীয়ে মহিলা ৰিকাৰ্ভৰ ব্যক্তিগত শাখাৰ ফাইনেলত আজি এছিয়ান গেমছৰ চেম্পিয়ন দক্ষিণ কোৰিয়াৰ লিম চিয়নৰ হাতত পৰাজিত হৈ ৰূপৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হয়। ইয়াৰ পূৰ্বে এছিয়ান গেমছৰ খিতাপ বিজয়ী জ্যোঠি সুৰেখা ভেন্নামে ব্যক্তিগত শাখাত কালি দেশৰ হৈ চতুৰ্থটো সোণৰ পদক লাভ কৰাৰ বিপৰীতে ভাৰতীয় খেলুৱৈ প্ৰিয়ান্সে ব্যক্তিগত শাখাত ৰূপৰ পদক লাভ কৰে।
Site Admin | April 29, 2024 1:08 PM | Archery Final
আৰ্ছাৰী বিশ্বকাপত ভাৰতীয় দলৰ মুঠ ৮ টা পদক লাভ
