ভাৰতে চাংঘাইত চলি থকা আৰ্চাৰী বিশ্বকাপ প্রতিযোগিতাৰ কমপাউণ্ড শাখাৰ দলীয় শিতানৰ তিনিওটা স্বর্ণ পদক হস্তগত কৰিছে। জ্যোতি সুৰেখা ভেন্নম, অদিতি গোপীচান্দ স্বামী আৰু প্ৰণিত কৌৰক লৈ গঠিত মহিলা দলটোৱে আজি ফাইনেলত প্ৰতিযোগিতাৰ ষষ্ঠ বাছনিপ্রাপ্ত ইটালীক ২৩৬-২২৫ ফলাফলত পৰাস্ত কৰে। ইয়াকে ধৰি প্ৰতিযোগিতাখনত ভাৰতে তৃতীয়টো স্বর্ণ পদক অৰ্জন কৰিলে। জ্যোতি সুৰেখা ভেন্নম আৰু অভিষেক বাৰ্মাৰ যুটীটোৱে মিক্সড শাখাত এষ্ট’নিয়াক ১৫৮-১৫৭ ত পৰাস্ত কৰি স্বৰ্ণ পদক অৰ্জন কৰে। আনহাতে, অভিষেক বার্মা, প্রিয়াংশ আৰু প্ৰথমেশ ফুগেক লৈ গঠিত ভাৰতৰ পুৰুষ দলটোৱে ফাইনেলত নেডাৰলেণ্ডছৰ দলটোক ২৩৮-২৩১ ফলাফলত পৰাভূত কৰি সোণৰ পদক লাভ কৰে। একেদৰে জ্যোতি সুৰেখা ভেন্নম অভিষেক বার্মাই মিক্সড শাখাৰ দলীয় শিতানত এষ্টনিয়াৰ প্ৰতিদ্বন্দ্বীক ১৫৮-১৫৭ ফলাফলত পৰাভূত কৰি স্বৰ্ণ পদক অৰ্জন কৰে।
Site Admin | April 27, 2024 7:36 PM | Archery
আৰ্চাৰী বিশ্বকাপ প্রতিযোগিতাৰ কমপাউণ্ড শাখাৰ দলীয় শিতানত ভাৰতৰ তিনিওটা স্বর্ণ পদক লাভ
