আৰোহণ আঁচনিৰ অধীনত বৰপেটা শিক্ষা চক্ৰৰ ২৬২ গৰাকী ছাত্রী-ছাত্ৰীক শিক্ষামূলক ভ্ৰমণৰ অংশ হিচাপে গুৱাহাটী ভ্ৰমণ

ৰাজ্য চৰকাৰৰ আৰোহণ আঁচনিৰ অধীনত বৰপেটা শিক্ষা চক্ৰৰ ২৬২ গৰাকী ছাত্রী-ছাত্ৰীক শিক্ষামূলক ভ্ৰমণৰ অংশ হিচাপে আজি গুৱাহাটী ভ্ৰমণ কৰোৱা হয়। এই ভ্ৰমণৰ অংশ হিচাপে ছাত্ৰ-ছাত্ৰীসকলক আই আই টি গুৱাহাটী, এইমছ, ৰাজ্যিক সংগ্ৰহালয়, বায়’টেক পার্ক, প্লেনেটেৰিয়াম, চিৰিয়াখানা, আর্মী ষ্টেচন, কলাক্ষেত্র, আঞ্চলিক বিজ্ঞান কেন্দ্ৰকে ধৰি শৈক্ষিক আৰু সাংস্কৃতিক তাৎপর্যপূর্ণ স্থানসমূহ পৰিদৰ্শন কৰোৱা হয়। ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে বৰপেটাৰ সহকাৰী আয়ুক্তসহ সমগ্ৰ শিক্ষাৰ ডি পি অ’, ১৬ গৰাকী শিক্ষক-শিক্ষয়িত্ৰী আৰু চিকিৎসক, নার্চ তথা আৰক্ষীৰ লোকেও দলটোক সংগ দিয়ে।

অধিক পঢ়ক

সকলো চাওক