ডাউনলোড
মোবাইল এপ

android apple
signal

August 28, 2024 10:11 AM | J P Nadda

printer

আৰক্ষীৰ ব্যৱস্থাক লৈ পশ্চিম বংগ চৰকাৰক বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা তীব্র সমালোচনা

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই কলকাতাত প্ৰতিবাদৰ সময়ত আৰক্ষীয়ে লোৱা ব্যৱস্থাক লৈ পশ্চিম বংগ চৰকাৰক তীব্র সমালোচনা কৰিছে। শ্ৰীনাড্ডাই কালি সামাজিক মাধ্যমযোগে কয় যে কলকাতাত আৰক্ষীয়ে বলপূর্বকভাৱে ক্ষমতা প্রদর্শন কৰাৰ ছবিয়ে গণতান্ত্ৰিক প্ৰমূল্যৰাজিক সন্মান কৰা প্ৰতিগৰাকী ব্যক্তিক ক্ষোভিত কৰি তুলিছে। তেওঁ লগতে মুখ্যমন্ত্রী মমতা বেনাৰ্জীৰ শাসন কালত মহিলাৰ সুৰক্ষাৰ বিষয়ে কোৱাটো অপৰাধ নেকি বুলি আশ্চৰ্য প্ৰকাশ কৰিছে। বিজেপিৰ মুখপাত্ৰ গৌৰৱ ভাটিয়াইও কলকাতাৰ এগৰাকী চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ ঘটনাক লৈ আই এন ডি আই মিত্রজোঁটৰ মৌনতা সন্দৰ্ভত প্ৰশ্নৰ অৱতাৰনা কৰিছে। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত মুখপাত্ৰগৰাকীয়ে কয় যে ৰাজ্যখনত সতীর্থ শিক্ষার্থীৰ হকে শান্তিপূর্ণভাৱে প্ৰতিবাদৰত বিদ্যাৰ্থীসকলৰ বিৰুদ্ধে আৰক্ষীয়ে গ্ৰহণ কৰা কঠোৰ ব্যৱস্থাৰ দ্বাৰা সংবিধানৰ অৱমাননা কৰা হৈছে। শ্রীভাটিয়াই মমতা বেনাৰ্জীৰ পদত্যাগ আৰু আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকগৰাকীৰ ধৰ্ষণ আৰু হত্যাৰ ঘটনাৰ নিকা তদন্তৰ স্বাৰ্থত আৰক্ষী আয়ুক্তৰ অপসাৰণৰ দাবী কৰিছে। ইপিনে, পশ্চিম বংগৰ ৰাজ্যপাল চি ভি আনন্দ বসুৱে কৈছে যে আৰক্ষীয়ে অধিক সংবেদনশীলতাৰে প্ৰতিবাদকাৰীসকলৰ মুখামুখি হ’ব পাৰিলেহেঁতেন। তেওঁ কয় যে প্ৰতিবাদকাৰীসকলে কোনো দলৰ পতাকা বহন কৰা নাছিল। আৰক্ষীয়ে জাতীয় পতাকাৰ অপমান কৰা বুলিও ৰাজ্যপালে অভিযোগ উত্থাপন কৰে।

অধিক পঢ়ক

সকলো চাওক