কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে কয় যে, সমবায় আৰ্হিটোৱে হৈছে বিশ্বৰ একমাত্ৰ আৰ্হি যাৰ জৰিয়তে জনসাধাৰণৰ উন্নয়নৰ সমান্তৰালকৈ অৰ্থনৈতিক বিকাশ সুনিশ্চিত কৰিব পৰা যায়। মন্ত্ৰীগৰাকীয়ে আজি গান্ধীনগৰৰ মহাত্মা মন্দিৰত আহমেদাবাদ জিলা সমবায় বেংকৰ শতবার্ষিকী অনুষ্ঠানত ভাষণ দি এইদৰে উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে লগতে জনকল্যাণ অবিহনে দেশৰ অৰ্থনৈতিক বিকাশ সম্ভৱ নহয় বুলিও লগতে উল্লেখ কৰে । তেওঁ আৰু লগতে তৃণমূল পৰ্যায়ৰ উন্নয়নৰ বাবে এ ডি চি বেংক আৰু আমূল আদি সংস্থাসমূহৰ অৱদানক প্ৰশংসা কৰে। ভৱিষ্যতে সমবায় খণ্ডৰ ভূমিকা যথেষ্ট বৃদ্ধি পাব বুলিও তেওঁ আস্থা প্ৰকাশ কৰে। গৃহ ৰাজ্য ভ্ৰমণলৈ অহা মন্ত্ৰীগৰাকীয়ে আজি গান্ধীনগৰত বহুতো অনুষ্ঠানত অংশগ্ৰহণ কৰে।
Site Admin | October 4, 2024 7:46 PM | Amit Shah
আহমেদাবাদ জিলা সমবায় বেংকৰ শতবার্ষিকী অনুষ্ঠানত ভাষণ সমবায় মন্ত্রী অমিত শ্বাহৰ
