October 3, 2024 8:09 PM | Amit Shah

printer

আহমেদাবাদত কেইবাটাও উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন গৃহমন্ত্ৰী অমিত শ্বাহৰ

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে কৈছে যে, মহাত্মা গান্ধীৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বচ্ছতাক এটা গণজাগৰণলৈ পৰিৱৰ্তন কৰিলে আৰু জনসাধাৰণৰ মাজত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ এটা পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত বৃহত বৰঙণি আগবঢ়াইছে। মন্ত্ৰীগৰাকীয়ে আজি আহমেদাবাদত ৪৭০ কোটি টকাৰো অধিক ভালেমান উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ভালেমান প্রকল্প মুকলি কৰি এই কথা প্ৰকাশ কৰে ৷ শ্ৰী শ্বাহে কয় যে, বিগত ৫টা বছৰত গান্ধী নগৰ সংসদীয় সমষ্টিত স্বাস্থ্য আন্তঃগাঁথনি, শিক্ষাকে ধৰি জনসাধাৰণৰ কল্যাণৰ বাবে ৩৭ হাজাৰ কোটি টকাৰো অধিক ভালেমান প্ৰকল্পৰ কাম কৰা হৈছে। তেওঁ আহমেদাবাদ পৌৰ সভাই প্রাথমিক বিদ্যালয়সমূহ স্মার্ট বিদ্যালয় হিচাপে বিকশাই তোলা কার্য উল্লেখযোগ্য বুলি অভিহিত কৰে। শ্ৰী শ্বাহে তেওঁৰ গৃহ ৰাজ্য ভ্ৰমণৰ সময়ছোৱাত নিজৰ সংসদীয় সমষ্টি গান্ধী নগৰৰ জি এম ই আৰ এছ চিকিৎসালয়ত আজি পুৱা নতুনকৈ নিৰ্মাণ কৰা এটা টেলী পুনৰ সংস্থাপন কেন্দ্ৰকে ধৰি ভালেমান প্রকল্প মুকলি কৰে। ইয়াৰ পাছতে শ্রী শ্বাহে আহমেদাবাদৰ সমীপত বিজেপিৰ কাৰ্যকৰ্তা সন্মিলনত অংশগ্ৰহণ কৰিব। তেওঁ শাহিবাগত নতুনকৈ নিৰ্মাণ কৰা আহমেদাবাদ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়টো উদ্বোধন কৰে। তেওঁ লগতে আহমেদাবাদৰ জি এম ডি চি গ্ৰাউণ্ডত গুজৰাট টুৰিজিমে আয়োজন কৰা গুজৰাট নৱৰাত্ৰী উৎসৱৰ শুভাৰম্ভ কৰিব। তেওঁ লগতে আহমেদাবাদৰ তিনিটা স্থান নৱৰাত্ৰী উদযাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

অধিক পঢ়ক

সকলো চাওক