আসন্ন ৰাজ্যসভাৰ উপ-নির্বাচন আৰু পাঁচ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰস্তুতিক লৈ ৰাজ্যত ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দল-সংগঠনৰ মাজত তৎপৰতা আৰম্ভ হৈছে। আজি গুৱাহাটীৰ কইনাধৰাত অৱস্থিত ৰাজ্যিক অতিথি শালাত বিজেপিৰ নিৰ্বাচন সমিতিৰ এখন বৈঠক অনুষ্ঠিত হ’ব। বিজেপিৰ এই নির্বাচন কমিটিৰ বৈঠকত ৰাজ্যসভাৰ খালী হৈ থকা আসন দুখনৰ লগতে পাঁচ বিধানসভা সমষ্টিৰ ভিতৰত বিজেপি দলে প্রতিদ্বন্দ্বিতা কৰিবলগীয়া ধলাই, বিহালী আৰু চামগুৰি সমষ্টিৰ প্ৰাৰ্থীৰ বাচনি সম্পৰ্কত আজি এই বৈঠকত আলোচনা হোৱাৰ লগতে নির্বাচনী ৰণকৌশল প্ৰস্তুত কৰা হ’ব বুলি জানিব পৰা গৈছে। আজি এই বৈঠকত আসন্ন পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভতো আলোচনা কৰা হ’ব। উল্লেখযোগ্য যে, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছাই লোকসভা নির্বাচনত ক্ৰমে ডিব্ৰুগড় আৰু কাজিৰঙা সমষ্টিৰ পৰা সংসদলৈ নিৰ্বাচিত হোৱাৰ পৰিপ্ৰেক্ষিতত দুয়োগবাকীয়ে প্ৰতিনিধিত্ব কৰি থকা ৰাজ্যসভাব আসন দুখন খালী হৈ আছে। এনে পৰিপ্ৰেক্ষিতত বাজ্যসভাৰ এই আসন দুখনৰ বাবে ইতিমধ্যে দেশৰ নিৰ্বাচন আয়োগে উপ-নির্বাচন ঘোষণা কৰিছে। একেদৰে লোকসভা নিৰ্বাচনত শিলচৰৰ পৰা পৰিমল শুক্লবৈদ্য, শোণিতপুৰৰ পৰা ৰঞ্জিত দত্ত, ধুবুৰীৰ পৰা ৰকিবুল হুছেইন, বৰপেটাৰ পৰা ফণীভূষণ চৌধুৰী আৰু কোকৰাঝাৰৰ পৰা জয়ন্ত বসুমতাৰী নিৰ্বাচিত হোৱাৰ পৰিপ্ৰেক্ষিতত অসম বিধানসভাৰ ধলাই, বিহালী, চামগুৰি, বঙাইগাঁও আৰু চিদলীৰ এই আসনকেইখন খালী হৈ পৰিছিল। নিৰ্বাচন আয়োগে এই পাঁচ বিধানসভা সমষ্টিটো উপ-নির্বাচন অনুষ্ঠিত কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে।
Site Admin | August 12, 2024 11:49 AM