চি পি আইৰ সাধাৰণ সম্পাদক ডি ৰাজাই কালি নতুন দিল্লীত আসন্ন লোকসভা নিৰ্বাচনৰ বাবে দলীয় ইস্তাহাৰ প্ৰকাশ কৰে। ইস্তাহাৰত পুৰণি পেঞ্চন ব্যৱস্থা সম্পূৰ্ণৰূপে বাহাল আৰু ব্যক্তিগত খণ্ডত সংৰক্ষণ ব্যৱস্থা বলৱৎ কৰাৰ তথা সাৰ্বজনীন খণ্ডক সম সুযোগৰ ভিত্তিত আগুৱাই লৈ যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে । দলে লগতে সকলোকে সুলভ স্বাস্থ্য আৰু শিক্ষাৰ ব্যৱস্থা কৰাৰ বাবে খণ্ড দুটাৰ বাবে অধিক পুঁজি দাবী কৰিব আৰু পৰিসীমন তথা লোকপিয়ল সম্পৰ্কীয় ব্যৱস্থা আঁতৰাই ততালিকে মহিলাৰ সংৰক্ষণ ৰূপায়ণৰ হকে কাম কৰিব বুলি ইস্তাহাৰত প্ৰকাশ কৰা হৈছে। এই উপলক্ষে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত ডি ৰাজাই কয় যে, এইবাৰৰ লোকসভা নিৰ্বাচন দেশ আৰু ইয়াৰ ভৱিষ্যতৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণৰূপে বিবেচিত হৈছে। তেওঁ লগতে নৰেন্দ্ৰ মোদী চৰকাৰে ভাল দিনৰ প্ৰতিশ্ৰুতি পূৰণ কৰা নাই বুলি অভিযোগ উত্থাপন কৰে।
Site Admin | April 7, 2024 12:22 PM | CPI | Lok Sabha Election