আসন্ন লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত

আসন্ন লোকসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে নিজৰ নিজৰ প্ৰাৰ্থীসকলক জয়ী কৰোৱাৰ লক্ষ্যৰে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। বিজেপি নেতা তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ যোৰহাট লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ মাজুলীত প্ৰচাৰ চলাব। নির্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে তেওঁ আজি মাজুলীৰ গড়মূৰৰ কাছাৰী ময়দানত উপস্থিত হয়। তেওঁ কাইলৈ গড়মূৰৰ মিনি ষ্টেডিয়ামৰ পৰা মহৰিচুকলৈ প্ৰায় ১৫ কিঃমিঃ চাইকেল ৰেলীত অংশ ল’ব। মাজুলীত উপস্থিত হৈ তেওঁ পোনে পোনে চেলেক-ধুনাগুৰি-লখিমপুৰ সংযোগী দলং আৰু দক্ষিণপাটত মাজুলী যোৰহাট সংযোগী নির্মিয়মান দলং পৰিদৰ্শন কৰে। আনহাতে, তেওঁ অহা ৩ এপ্ৰিলত বৰাক উপত্যকাত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব। বৰাকৰ দুই লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কৃপানাথ মাল্লা আৰু পৰিমল শুক্লবৈদ্যৰ মনোনয়ন পত্ৰ দাখিলৰ সময়তো তেওঁ উপস্থিত থাকিব। ইয়াৰ পাছত তেওঁ হাইলাকান্দিত দলীয় কাৰ্যকৰ্তাসকলৰ সৈতে বৈঠকত মিলিত হ’ব। ইপিনে, বিত্তমন্ত্রী অজন্তা নেওগে আজি কাজিৰঙা লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ হৈ গোলাঘাট জিলাৰ মেৰাপানীৰ কেইবাখনো গাঁও পঞ্চায়তত প্ৰচাৰ চলায়। তেওঁ মেৰাপানী, তৰাণি, অৰুণাচল, চাওদাং পথাৰ, আদৰ্শ গমাৰী আৰু দৈয়াং গাঁও পঞ্চায়তত অনুষ্ঠিত নির্বাচনী সভাত অংশগ্ৰহণ কৰে। ইপিনে, শ্ৰী তাছাৰ হৈ বিধায়ক বিশ্বজিৎ ফুকনে গোলাঘাটৰ নাহৰণি অঞ্চলত কেইবাখনো নির্বাচনী সভাত অংশগ্ৰহণ কৰে। যোৰহাট সমষ্টিৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে আজি শিৱসাগৰ জিলাৰ নাজিৰা সমষ্টিৰ কেইবাখনো বাগিচাত নিৰ্বাচনী প্ৰচাৰ চলায়। তেওঁ চাহ শ্ৰমিকসকলৰ সৈতে তেওঁলোকৰ বিভিন্ন সমস্যা সন্দৰ্ভত আলোচনা কৰে। বিৰোধী দলৰ দলপতি দেৱব্ৰত শ‍ইকীয়া, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰেও এই নির্বাচনী প্ৰচাৰত অংশ লয়। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আজি নগাঁও জিলাৰ অন্তৰ্গত ৰূপহীহাট বিধানসভা সমষ্টি আৰু চামগুৰি বিধানসভা সমষ্টিত বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। একেদৰে কোকৰঝাৰ লোকসভা সমষ্টিৰ অবড়ো সুৰক্ষা সমিতি বিটিএডি অসমৰ প্ৰাৰ্থী জোন দাসে বাক্সা জিলাৰ বিভিন্ন স্থানত প্ৰচাৰ চলায়।

অধিক পঢ়ক

সকলো চাওক