ডাউনলোড
মোবাইল এপ

android apple
signal

আসন্ন লোকসভা নির্বাচনত ভোটাৰসকলক সজাগ কৰাৰ লক্ষ্যৰে ৰাজ্যৰ জিলা প্ৰশাসনসমূহৰ পদক্ষেপ গ্রহণ

আসন্ন লোকসভা নির্বাচনত ভোটাৰসকলক সজাগ কৰাৰ লক্ষ্যৰে ৰাজ্যৰ জিলা প্ৰশাসনসমূহে কেইবাটাও পদক্ষেপ গ্রহণ কৰিছে। গোলাঘাট জিলাৰ বোকাখাটত প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্রহণ কোষৰ উদ্যোগত আজি চাইকেল ৰেলীৰ আয়োজন কৰা হয়। বোকাখাট মহকুমাধিপতি কাৰ্যালয়ৰ পৰা আৰম্ভ হোৱা এই ৰেলী বোকাখাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সামৰণি পৰে। নিৰ্বাচন আয়োগৰ ৰাজ্যিক আইকন পেৰাচাইক্লিষ্ট ৰাকেশ বনিকে এই ৰেলীত অংশগ্ৰহণ কৰে। অহা ১৯ এপ্ৰিলত হ’বলগীয়া লোকসভা নির্বাচনত যাতে অধিক ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰে লগতে যুৱ ভোটাৰসকলক উৎসাহিত কৰাৰ উদ্দেশ্যেৰে সজাগতা সভা অনুষ্ঠিত হয়। বোকাখাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজিত এই সভাত ৰাজ্যিক আইকন গৰাকীয়ে প্ৰলোভীত নোহোৱাকৈ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ভোটাৰসকলক আহ্বান জনায় ৷ লগতে নিজৰ অধিকাৰ সাব্যস্ত কৰি দেশৰ গণতান্ত্ৰিত প্ৰক্ৰিয়াক শক্তিশালী কৰিবলৈ অনুৰোধ কৰে। একেদৰে মৰিগাঁও জিলা প্রশাসনেও সমাগত লোকসভা নির্বাচন সুকলমে অনুষ্ঠিত কৰিবলৈ কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে জিলাখনৰ জি কে বি মহাবিদ্যালয়ত মহিলা নির্বাচনী বিষয়াসকলক প্রশিক্ষণ প্ৰদান কৰা হয়। ডিব্ৰুগড় লোকসভা সমষ্টিৰ নিৰ্বাচনৰ সাধাৰণ পৰ্যৱেক্ষকৰ দায়িত্বত থকা ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া জয়প্রকাশ শিৱহাৰে তিনিচুকীয়াত উপস্থিত হৈ নিৰ্বাচনৰ বাবে নিয়োজিত মাইক্ৰ’অবজার্ভাৰ সকলৰ সৈতে আলোচনাত মিলিত হয়। তেওঁ মাইক্ৰ’ অবজার্ভাৰ সকলক দায়িত্ব আৰু কৰ্তব্য সুচাৰুৰূপে পালন কৰিবলৈ আহ্বান জনায়। ইপিনে, শোণিতপুৰৰ জিলা আয়ুক্ত তথা শোণিতপুৰ লোকসভা সমষ্টিৰ ৰিটানিং বিষয়াই সমাগত লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা গণ সুৰক্ষা দলৰ প্ৰাৰ্থী ৰিংকু ৰয় আৰু নিৰ্দনীয় প্ৰাৰ্থী প্ৰদীপ ভাণ্ডাৰীলৈ নির্বাচনী ব্যয় পঞ্জীয়ন বহী নিৰীক্ষণ সম্পৰ্কে পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰত উল্লেখ কৰা অনুসৰি দুয়োগৰাকী প্রার্থীয়ে নির্বাচনী ব্যয় পঞ্জীয়ন বহী ব্যয় পর্যবেক্ষকৰ আগত দাখিল কৰাত ব্যৰ্থ হৈছে। সেয়েহে তেওঁলোকক অহা ৯ এপ্ৰিলৰ ভিতৰত নিৰ্বাচনী ব্যয় পঞ্জীয়ন বহী ব্যয় পৰ্যৱেক্ষকৰ নিৰীক্ষণৰ বাবে দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। প্ৰাৰ্থী দুগৰাকীয়ে এই নিৰ্দেশ অমান্য কৰিলে তেওঁলোকৰ ৰাজহুৱা সমাৱেশ আৰু প্ৰচাৰ চলোৱাৰ অনুমতি তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বাতিল কৰা হ’ব ।

অধিক পঢ়ক

সকলো চাওক