ডাউনলোড
মোবাইল এপ

android apple
signal

August 16, 2024 8:16 PM | Paralympic

printer

আসন্ন পেৰিছ পেৰালিম্পিকত দেশৰ ৮৪গৰাকী খেলুৱৈৰ অংশগ্ৰহণ

আসন্ন পেৰিছ পেৰালিম্পিকত দেশৰ ৮৪ গৰাকী খেলুৱৈৰ সবাতোকৈ বৃহৎ দল এটাই অংশ ল’ব। পেৰালিম্পিক ২৮ আগষ্টৰ পৰা ৮ ছেপ্তেম্বৰলৈ অনুষ্ঠিত হ’ব। প্ৰথমবাৰৰ বাবে ৪৭ গৰাকী ভাৰতীয় এথলিটে এই ক্রীড়া মহোৎসৱত ভাগ ল’ব। কেন্দ্রীয় ক্রীড়া মন্ত্ৰী ড° মনসুখ মন্দাভিয়াই ভাৰতীয় দলৰ শুভেচ্ছা অনুষ্ঠানত অংশগ্ৰহণ কৰি এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে অংশগ্ৰহণ কৰিবলগীয়া ভাৰতীয় দলটোত টার্গেট অলিম্পিক প’ডিয়াম আঁচনিৰ পৰা উপকৃত ৫০ গৰাকী খেলুৱৈ আছে। তেওঁ কয় যে চৰকাৰে এই আঁচনিৰ অধীনত খেলুৱৈসকলক অনুশীলন-প্ৰশিক্ষণৰ দৰে সকলো সুবিধা প্ৰদান কৰা হৈছে। ভালেসংখ্যক খেলুৱৈ খেল’ ইণ্ডিয়া ক্রীড়া মহোৎসৱত আত্মপ্ৰকাশ কৰা বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। যোৱাবাৰ টকিঅ’ পেৰালিম্পিকত ভাৰতীয় খেলুৱৈসকলে সুন্দৰ প্ৰদৰ্শনেৰে ১৯ টা পদক অৰ্জন কৰিছিল। টকিঅ’ পেৰালিম্পিকত মুঠ ৫৪ গৰাকী ভাৰতীয় খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল।

অধিক পঢ়ক

সকলো চাওক