July 22, 2024 7:45 PM | Loksabha

printer

আসন্ন অলিম্পিক ক্রীড়া মহোৎসৱৰ বাবে ভাৰতৰ প্ৰস্তুতি সম্পর্কত লোকসভাত আলোচনা

লোকসভাই আজি আসন্ন অলিম্পিক ক্রীড়া মহোৎসৱৰ বাবে ভাৰতৰ প্ৰস্তুতি সম্পর্কে আলোচনা কৰে। আলোচনাৰ আৰম্ভণি কৰি বিজেপিৰ ডº সঞ্জয় জয়ছোৱালে কয় যে, নৰেন্দ্ৰ মোদী চৰকাৰে দেশত ক্ৰীড়াৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কেইবাটাও উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। এন ডি এ চৰকাৰৰ অধীনত বাজেটত ক্ৰীড়া ক্ষেত্ৰৰ বাবে ২০১৪ চনৰ এহেজাৰ ২১৯ কোটি টকাৰ পৰা বৃদ্ধি হৈ বৰ্তমান ৩ হেজাৰ ৩৯৭ কোটি টকা হৈছে বুলিও শ্ৰীজয়ছোৱালে প্ৰকাশ কৰে। অহা ২৬ জুলাইৰ পৰা পেৰিছত হবলগীয়া অলিম্পিক ক্ৰীড়াৰ ১৬ টা শিতানত প্রতিদ্বন্দিতা আগবঢ়াবলগীয়া দেশৰ এথলীট সকলৰ ওপৰত চৰকাৰে প্ৰায় ৪৭০ কোটি টকা ব্যয় কৰিছে বুলিও তেওঁ উল্লেখ কৰে। ভাৰতীয় পুৰুষ হকী দলটোৰ প্ৰস্তুতিৰ বাবে প্ৰায় ৪২ কোটি টকা ধাৰ্য্য কৰা হৈছিল বুলিও মন্ত্ৰীগৰাকীয়ে লগতে কয়। অলিম্পিকত উন্নত প্ৰদৰ্শনৰ বলত পদক জয়ৰ বাবে চৰকাৰে এথলীটসকলক সকলো ধৰণৰ প্ৰশিক্ষণ আৰু সুবিধা প্ৰদান কৰিছে বুলিও শ্ৰীজয়ছোৱালে মন্তব্য কৰে ।

অধিক পঢ়ক

সকলো চাওক