ডাউনলোড
মোবাইল এপ

android apple
signal

December 17, 2024 11:28 AM | ULFA Arrest

printer

আলফা স্বাধীনৰ এজন সক্রিয় সদস্যক NIAৰ দ্বাৰা গ্ৰেপ্তাৰ

এই বৰ্ষৰ স্বাধীনতা দিৱস উদযাপনৰ সময়ত গুৱাহাটীত আই ই ডি সংস্থাপন কৰাৰ অপৰাধত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ NIAই নিষিদ্ধঘোষিত উগ্রপন্থী সংগঠন সংযুক্ত মুক্তি বাহিনী অসম অর্থাৎ‍ আলফা স্বাধীনৰ এজন সক্রিয় সদস্যক গ্ৰেপ্তাৰ কৰিছে। NIAৰ দলে অসম আৰক্ষীৰ সহযোগত কালি ডিব্ৰুগড়ৰ জাহ্নু বৰুৱাৰ বাসগৃহত চলোৱা অভিযানত ডিজিটেল যন্ত্র তথা আপত্তিজনক সামগ্রী জব্দ কৰা হয় আৰু সম্প্রতি সেইবোৰৰ পৰীক্ষা চলাই থকা হৈছে। পাছলৈ অধিক সোধা-পোছাৰ বাবে তেওঁক স্থানীয় আৰক্ষী থানালৈ তলব কৰা হয় ৷ প্রাথমিক তদন্তত অভিযুক্তজনে স্বাধীনতা দিৱসত অসম আৰক্ষীয়ে জব্দ কৰা ১১টা আই ই ডিৰ ভিতৰত ৪টাৰ সংস্থাপনৰ সৈতে জড়িত থকাৰ কথা স্বীকাৰ কৰিছে। তাৰপাছতে জাহ্নু বৰুৱাক আইনী প্ৰক্ৰিয়া অনুসৰি গ্ৰেপ্তাৰ কৰা হয়। চলিত বৰ্ষৰ ১৭ ছেপ্তেম্বৰত NIAই অসম আৰক্ষীৰ পৰা এই গোচৰৰ তদন্তৰ দায়িত্ব গ্ৰহণ কৰিছিল আৰু আইছং অসম ওৰফে অভিজিত গগৈ তথা সংগঠনৰ আন শীর্ষ নেতাৰ নিৰ্দেশত আই ই ডি কেইটা সংস্থাপন কৰাটো নিশ্চিত হৈছিল। সম্প্রতি গোচৰটোৰ তদন্ত অব্যাহত আছে।

অধিক পঢ়ক

সকলো চাওক