ডাউনলোড
মোবাইল এপ

android apple
signal

আলফা(স্বা) অবৈধ হিচাপে পৰিগণিত হৈ থকাৰ পৰ্যাপ্ত কাৰণ আছে নে নাই সেই বিষয়ে বিবেচনাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মাইকেল জোথানখুমাইৰ নেতৃত্বত ন্যায়াধীকৰণ গঠন

কেন্দ্ৰীয় চৰকাৰে অসমৰ নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন সংযুক্ত মুক্তি বাহিনী অসম-আলফা স্বাধীনক অবৈধ সংগঠন হিচাপে পৰিগণিত হৈ থকাৰ পৰ্যাপ্ত কাৰণ আছে নে নাই সেই বিষয়ে বিবেচনা কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মাইকেল জোথানখুমাইৰ নেতৃত্বত এখন ন্যায়াধীকৰণ গঠন কৰিছে। এই অবৈধ কার্যকলাপ প্ৰতিৰোধ ন্যায়াধীকৰণে সংগঠনটোৰ আন আন গোট আৰু শাখাসমূহৰ সন্দৰ্ভতো অনুসন্ধান কৰিব।উল্লেখযোগ্য যে, ১৯৯০ চনত কেন্দ্ৰীয় চৰকাৰে অপৰাধমূলক কার্যকলাপ, বলপূর্বক ধন দাবী আৰু বিচ্ছিন্নতাবাদী কার্যকলাপত জড়িত থকা বুলি সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফাক চিনাক্ত কৰি ইয়াক নিষিদ্ধ উগ্রপন্থী সংগঠন হিচাপে ঘোষণা কৰিছিল। তাৰ পাছত পৰিস্থিতি বিবেচনা কৰি প্ৰতি ৫ বছৰৰ মূৰে মূৰে আলফাৰ বিৰুদ্ধে থকা নিষেধাজ্ঞা পুনৰ বলৱৎ কৰা হৈছিল। অৰবিন্দ ৰাজখোৱা নেতৃত্বাধীন আলফাৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ যোৱা বছৰৰ ২৯ ডিচেম্বৰত শান্তি চুক্তি স্বাক্ষৰিত হৈছিল। অৱশ্যে সংগঠনটোৰ স্বয়ম্ভু সেনাধক্ষ্য পৰেশ বৰুৱা নেতৃত্বাধীন স্বাধীনপন্থী আলফা গোটে এই আলোচনা প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰা নাছিল৷

অধিক পঢ়ক

সকলো চাওক