আয়ুস্মান ভাৰত-প্রধানমন্ত্ৰীৰ জন আৰোগ্য যোজনা আৰম্ভ আজি ৬বছৰ সম্পূৰ্ণ হ’ল। আজিৰ দিনটোতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৮ চনত ঝাৰখণ্ডৰ ৰাঁচীৰ পৰা এই আঁচনিৰ শুভাৰম্ভ কৰিছিল। এই আঁচনিৰ জৰিয়তে প্ৰতিবছৰে প্ৰতিটো পৰিয়ালক ৫ লাখ টকাৰ স্বাস্থ্য সেৱা প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। অসমতো বিগত ছটা বছৰত এই আঁচনিৰ অধীনত স্বাস্থ্য সংক্রান্তীয় ভালেমান কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আঁচনিৰ অধীনৰ হিতাধিকাৰীসকলক স্বাস্থ্য সম্বন্ধীয় বিভিন্ন সা-সুবিধা প্ৰদানৰ উদ্দেশ্যে আয়ুস্মান কার্ড বিতৰণ কৰা হৈছে। অসমত আয়ুস্মান কাৰ্ডৰ জৰিয়তে চিকিৎসা সুবিধা লাভ কৰা ৰোগীৰ সংখ্যা ১০ লাখতকৈ অধিক হৈছে। ইফালে, প্ৰতিবছৰে এই আঁচনিৰ অধীনত ৬০০ কোটিতকৈও অধিক টকাৰ নগদ ধন ঘূৰাই দিয়া ব্যৱস্থাৰ জৰিয়তে চিকিৎসা সেৱা আগবঢ়োৱা হৈছে। ইপিনে, মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্রী জন আৰোগ্য যোজনাৰ অধীনত ক্রমে ৬৬ লাখ আৰু ২ কোটি ৩লাখ হিতাধিকাৰী পৰিয়ালক সামৰি লোৱা হৈছে। এই আঁচনিৰ অধীনত চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ ৩০০খন চিকিৎসালয়ৰ জৰিয়তে হিতাধিকাৰীসকলক নগদ বিহীন চিকিৎসা সেৱা আগবঢ়োৱা হৈছে।
ইফালে, গোলাঘাট জিলাতো এই দিৱস উদযাপন কৰা হয়। গোলঘাট নগৰৰ এখন ব্যক্তিগত মহাবিদ্যালয়ত এই দিৱসৰ লগত সংগতি ৰাখি আয়ুস্মান পষেক কাৰ্যসূচী পালন কৰা হয়। এই উপলক্ষে ছাত্র- ছাত্ৰী আৰু স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰীসকলৰ অংশগ্রহণেৰে এটা সমদল উলিওৱা হয়।