আয়ুষ্মান ভাৰত হেল্থ একাউণ্ট সৃষ্টি কৰাৰ উদ্দেশ্যে গোলাঘাট জিলা আয়ুক্তৰ কাৰ্যালয়ত অস্থায়ী শিবিৰ মুকলি

আয়ুষ্মান ভাৰত ডিজিটেল মিছনৰ অধীনত জনসাধাৰণৰ বাবে আয়ুষ্মান ভাৰত হেল্থ একাউণ্ট সৃষ্টি কৰাৰ উদ্দেশ্যে আজি গোলাঘাট জিলাৰ আয়ুক্তৰ কাৰ্যালয়ত এটা অস্থায়ী শিবিৰ মুকলি কৰা হয়। স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত আয়ুক্ত নন্দিতা বৰুৱাই শিবিৰটো মুকলি কৰে।

শিবিৰ মুকলি কৰি অতিৰিক্ত আয়ুক্তগৰাকীয়ে আয়ুষ্মাণ ভাৰত হেলথ একাউণ্ট অর্থাৎ আভা নম্বৰৰ সুবিধা ল’বলৈ ৰাইজক আহ্বান জনায়। তেওঁ কয় যে, এই নম্বৰৰ জৰিয়তে যিকোনো ব্যক্তিৰ সকলো স্বাস্থ্য সম্পৰ্কীয় তথ্য আৰু নথি ডিজিটেল মাধ্যমেৰে সংলগ্ন হৈ থাকে। এই নম্বৰ থাকিলে চিকিৎ‍সালয়লৈ যাওতে চিকিৎসা সম্পৰ্কীয় নথিসমূহ কঢ়িয়াই নিয়াৰ সমস্যাৰ পৰা মুক্ত হৈ থাকিব পাৰি বুলি তেওঁ কয়। উল্লেখযোগ্য যে এই অস্থায়ী শিবিৰ আজিৰে পৰা ৩ আগষ্ট পর্যন্ত প্রতিদিনে পুৱা চাৰে ১০ বজাৰ পৰা বিয়লি তিনি বজালৈ মুকলি থাকিব।

অধিক পঢ়ক

সকলো চাওক