আম আদমী পাৰ্টীৰ নেতা অৰবিন্দ কেজৰিৱালে আজি দিল্লীৰ মুখ্যমন্ত্ৰী পদ ত্যাগ কৰে। শ্ৰীকেজৰিৱালে বিয়লি দিল্লীৰ উপ ৰাজ্যপাল ভি কে চাক্সেনাৰ হাতত পদত্যাগপত্র দাখিল কৰে। ইয়াৰ পূৰ্বে আম আদমী পাৰ্টীয়ে দলৰ জ্যেষ্ঠ নেত্ৰী আতিশী দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হ’ব বুলি ঘোষণা কৰে । নতুন দিল্লীত অনুষ্ঠিত আম আদমী পাৰ্টীৰ বিধায়কসকলৰ বৈঠকত শ্ৰীমতী আতিশীক বিধায়িনী গোটৰ নেত্ৰী হিচাপে বাছনি কৰা হয়। বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মহানগৰ বিভাগৰ মন্ত্ৰী গোপাল ৰায়ে কয় যে পৰৱৰ্তী বিধানসভা নির্বাচন পর্যন্ত আতিশী মুখ্যমন্ত্রী হ’ব বুলি সর্বসম্মতিক্রমে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আম আদমী পাৰ্টীয়ে অহা অক্টোবৰ-নৱেম্বৰত দিল্লীত বিধানসভা নির্বাচন অনুষ্ঠিত হোৱাটো বিচাৰে বুলি তেওঁ প্ৰকাশ কৰে। শ্ৰী ৰায়ে বিজেপিয়ে আম আদমী পাৰ্টীক নিঃশেষ কৰাৰ চেষ্টা চলাইছে বুলি অভিযোগ তোলে। বিজেপিয়ে আতিশীক মুখ্যমন্ত্ৰী পদত অধিস্থিত কৰাৰ সিদ্ধান্তক লৈ কটাক্ষ কৰি কৈছে যে, চেহেৰা সলনি কৰিলেই দলৰ চৰিত্ৰ সলনি নহয়। দিল্লী বিজেপিৰ মুৰববী বীৰেন্দ্ৰ চচদেৱাই সংবাদ মাধ্যমৰ আগত কয় যে আম আদমী পাৰ্টী দুর্নীতিত লিপ্ত হৈছে আৰু দলটোৱে অৰবিন্দ কেজৰিৱালৰ শাসনকালত বিগত ১০ বছৰত হোৱা দুৰ্নীতিৰ উত্তৰ দিব লাগিব।
Site Admin | September 17, 2024 8:11 PM | Arbinda kajriwal