ডাউনলোড
মোবাইল এপ

android apple
signal

আম আদমী পাৰ্টীয়ে হতাশাৰ বলি হৈ প্ৰতি ঘণ্টাতে নতুন আঁচনি ঘোষণা কৰে বুলি জ্যেষ্ঠ বিজেপি নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অভিযোগ

আম আদমী পাৰ্টীয়ে হতাশাৰ বলি হৈ প্ৰতি ঘণ্টাতে নতুন আঁচনি ঘোষণা কৰে বুলি জ্যেষ্ঠ বিজেপি নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অভিযোগ তোলে। নতুন দিল্লীৰ আৰ কে পুৰমত অনুষ্ঠিত এখন জনসভাত ভাষণ দি শ্রীমোদীয়ে কয়, যে আপ দলে ভুৱা ঘোষণা কৰিছে। বিগত ১১ বছৰ আপ দলে অপচয় কৰা বুলি উল্লেখ কৰি তেওঁ কয়, যে দলটোৱে কোনো উন্নয়নমূলক কাম কৰা নাই। নতুন দিল্লীত বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি আশা প্রকাশ কৰি নেতাগৰাকীয়ে কয় যে দ্বৈত ইঞ্জিনৰ চৰকাৰে সময়ৰ অপব্যৱহাৰ নকৰে। তেওঁ কয়, যে ধনী-দুখীয়া নির্বিশেষে নতুন দিল্লীৰ প্ৰতিটো পৰিয়ালে স্বাছন্দ্যৰে জীৱন-যাপন কৰাটো দ্বৈত ইঞ্জিনৰ চৰকাৰে সুনিশ্চিত কৰিব। এই চৰকাৰে অজুহাত দেখুৱাৰ পৰিৱৰ্তে নতুন দিল্লীক অধিক সমৃদ্ধ কৰি তোলাত মনোনিৱেশ কৰিব বুলিও তেওঁ প্ৰতিশ্ৰুতি দিয়ে। আপৰ কেইবাগৰাকীও নেতাই দলত্যাগ কৰা বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয়, যে এই নেতাসকলে দলটোৰ প্ৰতি জনসাধাৰণৰ মনত থকা ঘৃণাৰ উমান পাইছে। জনসাধাৰণৰ সন্মুখত দলটোৰ সঁচা স্বৰূপ প্ৰকাশ পোৱা বুলিও তেওঁ উল্লেখ কৰে। পৰৱৰ্তী ৫ বছৰৰ বাবে কেন্দ্ৰত সুস্থিৰ বিজেপি চৰকাৰ গঠন হোৱাত দিল্লীবাসীয়ে সহায় কৰাৰ পাছত এতিয়া ভুলবশতঃ দিল্লীত আপ দলৰ চৰকাৰ গঠন হ’লে পৰৱৰ্তী ৫ বছৰ অথলে যাব বুলি তেওঁ মত প্ৰকাশ কৰে। অৰ্থনীতিৰ প্ৰসংগত শ্রীমোদীয়ে কয়, যে বিগত ১০ বছৰত ভাৰতৰ অৰ্থনীতি দশম স্থানৰ পৰা পঞ্চম স্থানলৈ উন্নীত হৈছে। দেশৰ অৰ্থনৈতিক শক্তি, অৰ্থনীতিৰ আকাৰ তথা নাগৰিকসকলৰ উপাৰ্জন বৃদ্ধি হোৱা বুলিও তেওঁ উল্লেখ কৰে।

অধিক পঢ়ক

সকলো চাওক