আবকাৰী নীতি কেলেংকাৰীৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত অভিযুক্ত দিল্লীৰ উপ- মুখ্যমন্ত্রী তথা আম আদমি পাৰ্টিৰ নেতা মনীষ শিশোদিয়াৰ ন্যায়িক জিম্মা আজি দিল্লীৰ ৰাউজ এভিনিউ আদালতে ৩১ মে’লৈ বৃদ্ধি কৰে। শিশোদিয়াৰ বিৰুদ্ধে গোচৰৰ পৰবৰ্তী শুনানী অহা ৩১ মে’ত গ্ৰহণ কৰা হ ‘ব৷ চিবিআইয়ে গ্ৰেপ্তাৰ কৰাৰ পি ছত বিগত বৰ্ষৰ ২৬ ফেব্ৰুৱাৰীৰ পৰা ন্যায়িক জিম্মাত আছিল শিশোডিয়া৷ পিছত বিধি বলবৎকাৰী সঞ্চালকালয়ে তেওঁক গ্ৰেপ্তাৰ কৰে৷ গোচৰসমূহৰ অভিযোগ নিশ্চিতকৰণ প্ৰক্ৰিয়াত অভিযুক্তই বিলম্ব কৰাৰ ভিত্তিত বিধি বলবৎকাৰী সঞ্চালকালয় আৰু চি বি আই উভয়েই শিশোদিয়াক কোনোধৰণৰ সকাহ দিয়াৰ বিৰোধিতা কৰিছিল৷ যোৱা ১৪ মে ‘ত দিল্লী উচ্চ ন্যায়ালয়ে আপৰ নেতা, চিবিআই আৰু বিধি বলবৎকাৰী সঞ্চালকালয়ৰ হৈ শুনানী গ্রহণৰ পাছত স্থগিত কৰি ৰখা শিশোদিয়াৰ জামিন আবেদনো দিল্লী উচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ আছে৷
Site Admin | May 21, 2024 8:20 PM | Manish Shisodia