May 21, 2024 8:15 PM | BJP Join

printer

আম আদমি পার্টিৰ প্ৰাক্তন বিধায়ক জগবীৰ সিং ব্ৰাৰৰ বিজেপিত যোগদান

পঞ্জাৱৰ পৰা আম আদমি পার্টিৰ প্ৰাক্তন বিধায়ক জগবীৰ সিং ব্ৰাৰে আজি বিজেপিত যোগদান কৰে। নতুন দিল্লীৰ দলৰ মুখ্য কাৰ্যালয়ত বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তৰুণ চুঘৰ উপস্থিতিত তেওঁক দলত অন্তৰ্ভুক্ত কৰা হয়৷ 0000 সমগ্ৰ দেশত আজি সন্ত্রাসবাদ বিৰোধী দিৱস পালন কৰা হৈছে। ১৯৯১ চনৰ ২১ মে’ত এল টি টি ইৰ আত্মঘাটী বোমাৰুৰ আক্ৰমণত চেন্নাইৰ সমীপৰ এখন গাঁৱত প্ৰাণ হেৰুওৱা প্ৰাক্তন প্রধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ মৃত্যুবার্ষিকীৰ লগত সংগতি ৰাখি এই দিৱস পালন কৰা হয়। সমাজ আৰু ৰাষ্ট্ৰৰ ওপৰত সন্ত্ৰাসবাদ আৰু হিংসাৰ নেতিবাচক প্ৰভাৱৰ বিষয়ে জনসাধাৰণক সজাগ কৰি তোলাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মৃত্যুবার্ষিকীত প্ৰাক্তন প্রধানমন্ত্ৰীগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিছে। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খাৰ্গে, কংগ্ৰেছৰ সংসদীয় দলৰ নেত্ৰী ছোনিয়া গান্ধী আৰু কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়েও ৰাজীৱ গান্ধীৰ মৃত্যু বার্ষিকী উপলক্ষে নতুন দিল্লীৰ বীৰভূমিত থকা প্রাক্তন প্রধানমন্ত্ৰীগৰাকীৰ সমাধিত পুষ্পার্ঘ্য নিবেদন কৰে।

অধিক পঢ়ক

সকলো চাওক