ডাউনলোড
মোবাইল এপ

android apple
signal

December 29, 2024 11:59 AM | Supreme Court of India

printer

আমৰণ অনশনৰত কৃষক নেতা জগজিৎ সিং ডালেৱালক চিকিৎসালয়ত ভৰ্তি কৰোৱাত অসমৰ্থ হোৱা বাবে পঞ্জাব চৰকাৰক উচ্চতম ন্যায়ালয়ৰ গৰিহণা

উচ্চতম ন্যায়ালয়ে পঞ্জাব চৰকাৰক আমৰণ অনশন কৰি থকা কৃষক নেতা জগজিৎ সিং ডালেৱালক চিকিৎসালয়ত ভৰ্তি কৰোৱাত অসমৰ্থ হোৱা বাবে গৰিহণা দিছে। শ্ৰী ডালেৱালে পঞ্জাব-হাৰিয়ানা সীমান্তৰ খানাউৰীত শস্যৰ বাবে ন্যূনতম সমৰ্থন মূলৰ আইনী নিশ্চয়তা, ঋণ মাফ, কৃষি সংস্কাৰকে ধৰি দীৰ্ঘদিনৰ পৰা চলি থকা কৃষকসকলৰ দাবীৰ সমৰ্থনত আমৰণ অনশন কৰি আছে। ন্যায়াধীশ সূর্যকান্তৰ নেতৃত্বত এখন বিচাৰপীঠে পঞ্জাবৰ মহাধিবক্তা গুৰমিন্দৰ সিঙক আদালতৰ পূৰ্বৰ নিৰ্দেশ মানি চলিবলৈ কয়, য’ত ডালেৱালৰ স্বাস্থ্য সুস্থিৰ হৈ থকাটো নিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়া হৈছে। যোৱা ২০ ডিচেম্বৰত উচ্চতম ন্যায়ালয়ে পঞ্জাব চৰকাৰক ডালেৱালৰ স্বাস্থ্যৰ বিষয়টো নিশ্চিত কৰিবলৈ আৰু প্ৰয়োজন হ’লে চিকিৎসালয়ত ভৰ্তি কৰিবলৈ নিৰ্দেশ দিছিল।

অধিক পঢ়ক

সকলো চাওক