ডাউনলোড
মোবাইল এপ

android apple
signal

আমেৰিকা সদৃশ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে অসমত ৩ লাখ কোটি টকা বিনিয়োগৰ পৰিকল্পনা কেন্দ্ৰৰ

■ কেন্দ্ৰীয় চৰকাৰে আমেৰিকা সদৃশ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে অসমত ৩ লাখ কোটি টকা বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে। ৰাজ্যসভাৰ প্রশ্নোত্তৰ কালত কালি অসমৰ কেইবাগৰাকীও সাংসদৰ প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে এই কথা প্ৰকাশ কৰে। অসমৰ বিভিন্ন ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ কামৰ অগ্ৰগতিৰ বিষয়ে সদনক অৱগত কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে ৫,৮০০ কোটি টকাৰ ব্যয়েৰে ১২১ কিলোমিটাৰ দৈৰ্ঘ্যৰ গুৱাহাটী ৰিংৰোড প্ৰকল্পৰ কাম ২০২৭ চনৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ’ব। তেওঁ কয়, যে গুৱাহাটীৰ পৰা বৰাপানী হৈ শিলচৰলৈ ২৫ হাজাৰ কোটি টকা ব্যয়সাপেক্ষ অন্য এটা পৰিৱেশ অনুকুল কৰিড’ৰ নিৰ্মাণৰ যো-জা চলাই থকা হৈছে। কাজিৰঙাৰ মাজেদি উৰণ সেঁতু নিৰ্মাণৰ বাবে ছহেজাৰ কোটিটকীয়া প্ৰকল্পৰ কাম ইতিমধ্যে আৰম্ভ হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। শ্ৰী গাডকাৰীয়ে কয়, যে ১৬৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ আন এটা চাৰিটা লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কামো অনুমোদন লাভৰ পৰ্যায়ত আছে। চৰকাৰে ১২ হাজাৰ কোটি টকা ব্যয়েৰে ব্ৰহ্মপুত্ৰৰ তলেৰে এটা সুৰংগ নিৰ্মাণ কৰিব আৰু এই প্ৰকল্পৰ বাবে শীঘ্ৰে অনুমোদন প্রদান কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। অসম গণ পৰিষদৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই উত্থাপন কৰা এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গাডকাৰীয়ে কয়, যে গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ কাম ইতিমধ্যে আৰম্ভ হৈছে আৰু বাইহাটা চাৰিআলি, নাৰেংগী আৰু সোণাপুৰৰ মাজৰ ৫৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা পৰিৱেশ অনুকুল কৰিড’ৰ হিচাপে গঢ়ি তোলা হ’ব। এই প্ৰকল্পৰ অধীনত ব্ৰহ্মপুত্ৰৰ অধীনত এখন ছটা লেনযুক্ত দলঙো নিৰ্মাণ কৰা হ’ব।
ইপিনে, বিজেপি সাংসদ ভুৱনেশ্বৰ কলিতাৰ আন এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত শ্ৰী গাডকাৰীয়ে কয়, যে কাজিৰঙাৰ ওপৰেদি নিৰ্মাণ কৰিবলগীয়া উৰ্ণসেতুৰ কাম আৰম্ভ হৈছে আৰু এই প্ৰকল্পৰ বাবদ ছহেজাৰ কোটি টকা ধাৰ্য কৰা হৈছে। আনহাতে, তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱে গুৱাহাটী-ইম্ফল আৰু আইজলৰ পৰা বৰাক উপত্যকা সংযোগী ৬,৩০৬ আৰু ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ সন্দৰ্ভত সোধা এটা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে ঘাইপথ নিৰ্মাণৰ বাবে পুঁজিৰ অভাৱ নাই যদিও এই ঘাইপথসমূহৰ ভৌগোলিক অৱস্থান বৰ দুৰ্গম। অঞ্চলটোত আটাইতকৈ বেছি বৃষ্টিপাতৰ লগতে ভূমিস্খলনৰ ঘটনাও সততে ঘটে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে এনে ৭ টা স্থান চিনাক্ত কৰা হৈছে আৰু এই স্থান কেইটাত নিৰ্মাণ কাৰ্য চলোৱাৰ বাবে ছুইজাৰলেণ্ড আৰু অষ্ট্ৰিয়াৰ সহায় লোৱা হ’ব। প্ৰয়োজন সাপেক্ষে আই আই টিৰ পৰাও প্রযুক্তিগত সহায় লোৱা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
শ্ৰী গাডকাৰীয়ে কয়, যে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পসমূহত কাম সম্পূৰ্ণ হৈ উঠিলে অসম তথা উত্তৰ- পূৰ্বাঞ্চলত বিনিয়োগ বৃদ্ধি পাব আৰু কৰ্ম সংস্থাপনৰ ন ন সুযোগ সৃষ্টি হ’ব। কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ আন্তঃগাঁথনি নির্মাণত অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

অধিক পঢ়ক

সকলো চাওক