কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আজি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু পেৰু ভ্ৰমণসূচীৰে ৰাওনা হ’ব। আমেৰিকাৰ ছেনফ্ৰান্সিস্কোৰ দুদিনীয়া ভ্ৰমণকালত শ্ৰীমতী সীতাৰমণে ষ্টেনফোর্ড বিশ্ববিদ্যালয়ৰ হুৱৰ প্ৰতিষ্ঠানত মূল ভাষণ দিব আৰু আগশাৰীৰ পুঁজি ব্যৱস্থাপনা কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে মত বিনিময় কৰিব। ইয়াৰ উপৰি বিত্তমন্ত্ৰীগৰাকী তথ্য প্রযুক্তি কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হ’ব। শ্ৰীমতী সীতাৰমণে প্রবাসী ভাৰতীয়সকলৰ এটা অনুষ্ঠানত ভাগ ল’ব আৰু দেশখনত বাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ লোকৰ সৈতে মত বিনিময় কৰিব।
ইয়াৰ পাছত ৱাশ্বিংটন ভ্রমণকালত বিত্তমন্ত্ৰীগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি আৰু বিশ্ববেংকৰ স্ত্ৰীং মিটিঙত ভাগ ল’ব। তেওঁ লগতে জি-২০ ৰাষ্ট্ৰগোষ্ঠীৰ বিত্ত মন্ত্ৰীসকলৰ আৰু কেন্দ্ৰীয় বেংকৰ গৱৰ্ণৰসকলৰ দ্বিতীয়লানি বৈঠকত অংশগ্ৰহণ কৰিব। ২৬ এপ্ৰিলৰ পৰা কৰিবলগীয়া প্ৰথম পেৰু ভ্ৰমণৰ সময়ছোৱাত শ্ৰীমতী সীতাৰমণে বিত্ত মন্ত্ৰ্যালয়ৰ বিষয়া আৰু ব্যৱসায়ীসকলৰ এটা ভাৰতীয় প্ৰতিনিধিদলক নেতৃত্ব দিব।
Site Admin | April 20, 2025 10:17 AM | Finance Minister Nirmala Sitharaman
আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু পেৰু অভিমুখে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ
