আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পক যোৱা নিশা পেঞ্চেলভেনিয়াৰ এখন নির্বাচনী সভাত কৰা আক্ৰমণৰ ঘটনাক সমগ্ৰ বিশ্বৰ নেতাসকলে গৰিহণা দিছে। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে এই আক্ৰমণৰ ঘটনাক গৰিহণা দিয়াৰ লগতে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ আশু-আৰোগ্য কামনা কৰে। আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কম্লা হেৰিছে এই ঘটনাত আচৰ্য প্ৰকাশ কৰিছে। তেওঁ কয় যে আমেৰিকাত এনেধৰণৰ হিংসাক কেতিয়াও প্ৰশ্চয় দিয়া নহয়। সকলোৱে এই ঘটনাক নিন্দা কৰা উচিত। আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ’বামাই কয় যে আমেৰিকাৰ গণতন্ত্ৰত কেতিয়াও ৰাজনৈতিক হিংসাৰ স্থান নাই। ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী কিয়েৰ ষ্টাৰমাৰে সামাজিক মাধ্যম এক্সৰ এটা বাৰ্তাত কয় যে, আমাৰ সমাজত ৰাজনৈতিক হিংসাৰ কেতিয়াও স্থান নাছিল আৰু ভৱিষ্যতলৈও নাথাকে। কেৱল এয়াই নহয় সমগ্ৰ বিশ্বৰে শীৰ্ষ নেতাসকলে এই আক্ৰমণৰ ঘটনাক গৰিহণা দি সামাজিক মাধ্যমত বাৰ্তা প্ৰেৰণ কৰিছে। উল্লেখযোগ্য যে এই গুলীচালনাৰ ঘটনাত জড়িত এটা দুৰ্বৃত্তক সুৰক্ষা কর্মীয়ে গুলিয়াই নিহত কৰে। এই ঘটনাত অন্য এজন ব্যক্তি নিহত হয় আৰু আন এজন আহত হয়।
Site Admin | July 14, 2024 8:36 PM | America Ex president Donald Trump attack
আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পক আক্ৰমণৰ ঘটনাক বিশ্বৰ নেতাসকলৰ গৰিহণা
