আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰা ডনাল্ড ট্রাম্পে ৰাজনৈতিক প্ৰস্তাৱৰ ওপৰত তেওঁ কাম কৰি থকালৈকে উচ্চতম ন্যায়ালয়ক টিকটকৰ নিষেধাজ্ঞা পিছুৱাই দিবলৈ অনুৰোধ কৰে। তেওঁৰ অধিবক্তাই আদালতত এই বিষয়ে আবেদন দাখিল কৰি কয়, যে ট্রাম্পে টিকটক নিষিদ্ধ কৰাৰ বিৰোধিতা কৰিছে আৰু কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত বিভিন্ন সমস্যাসমূহ ৰাজনৈতিক মাধ্যমেৰে সমাধান কৰিব বিচাৰে। অহা ১৩ জানুৱাৰীত আদালতে আমেৰিকাৰ এনে এখন আইন সন্দৰ্ভত শুনানি গ্রহণ কৰিব যত টিকটকৰ চীনা মালিক বাইটডান্সে সামাজিক মাধ্যমৰ কোম্পানীটো আমেৰিকাৰ কোনো প্রতিষ্ঠানক বিক্ৰী কৰিব লাগিব অথবা ট্রাম্পে কাৰ্যভাৰ গ্ৰহণ কৰাৰ এদিন পূৰ্বে ১৯ জানুৱাৰীত নিষেধাজ্ঞাৰ সন্মুখীন হ’ব লাগিব। উল্লেখযোগ্য যে, আমেৰিকাৰ বিষয়া আৰু নীতি নির্ধাৰকসকলে বাইটডান্সক চীনা চৰকাৰৰ সৈতে জড়িত বুলি উত্থাপিত অভিযোগ অস্বীকাৰ কৰিছে।
Site Admin | December 29, 2024 11:56 AM | USA vs TikTok