আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইদেনে ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে যোৱা নিশা সামাজিক মাধ্যমযোগে এই কথা ঘোষণা কৰে। সামাজিক মাধ্যমযোগে তেওঁ লগতে কয় যে, ৰাষ্ট্ৰপতি হিচাপে দেশক বিগত সময়ছোৱাত সেৱা আগবঢ়াব পৰাটো তেওঁৰ জীৱনৰ আটাইতকৈ ডাঙৰ সন্মান। তেওঁ লগতে কয় যে, ডেম’ক্রেটিক পার্টি আৰু জাতিৰ স্বাৰ্থত ৰাষ্ট্ৰপতি হিচাপে বাকী থকা কাৰ্যকালৰ কৰ্তব্যত মনোনিৱেশ কৰাটো তেওঁৰ বাবে এতিয়া মূল লক্ষ্য। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, তেওঁ চলিত সপ্তাহৰ শেষৰ ফালে দেশবাসীৰ সৈতে নিজৰ সিদ্ধান্তৰ বিষয়ে অধিক বিশদভাৱে কথা পাতিব। সমান্তৰালকৈ, ৰাষ্ট্ৰপতি বাইডেনে উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছক ৰাষ্ট্ৰপতি হিচাপে সমৰ্থন কৰাৰ কথাও সামাজিক মাধ্যমযোগে সদৰি কৰে । উল্লেখযোগ্য যে, অহা নবেম্বৰ মাহত আমেৰিকাত ৰাষ্ট্ৰপতি নির্বাচন অনুষ্ঠিত হ’ব।
Site Admin | July 22, 2024 11:56 AM | America President Jo Biden